এক নাৰকীয় ঘটনা।
মাত্ৰ এটা ম’বাইলৰ বাবে জন্মদাত্ৰী মাতৃক মৰিয়াই মৰিয়াই হত্যা কৰিলে পুত্ৰই।
লাহোৱালৰ ডিব্ৰুৱাল চাংমাই গাঁৱত সংঘটিত হৈছে এই জঘণ্য কাণ্ড।
এটা মোবাইলৰ বাবেই মাতৃক হত্যা কৰে লাহোৱালৰ ডিব্ৰুৱাল চাংমাই গাঁৱৰ জিণ্টু দাসে।
ৰডেৰে মূৰত মৰিয়াই মাতৃ ৰেণু দাসক হত্যা কৰে পুত্ৰ জিণ্টুই।
লগতে মাতৃ ৰেণু দাসক হত্যা কৰি কাঢ়ি লৈ যায় ১৬ হাজাৰ টকা। সেই টকাৰে নতুন মোবাইল ক্ৰয় কৰে হত্যাকাৰী জিণ্টুৱে।
অৱশেষত পলাতক হত্যাকাৰীটোক খেদি খেদি কৰায়ত্ত কৰে আৰক্ষীয়ে।
ডিব্ৰুগড়ৰ পল্টনবজাৰ চানমাৰি ঘাটত আত্মগোপন কৰিছিল জিণ্টুৱে।









