চাঞ্চল্যকৰ! একে নিশা চাৰিটাকৈ মছজিদত চোৰে চলালে চাফাই অভিযান, প্ৰায় ৫ লাখ টকা লুট…

এক চাঞ্চল্যকৰ চুৰিকাণ্ড।

একে নিশা চাৰিটাকৈ মছজিদত চোৰে চলালে চাফাই অভিযান।

বিশ্বনাথত কুমলীয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাণ্ড।

মছজিদৰ দান-পাত্ৰৰ তলা ভাঙি লুটি নিলে প্ৰায় ৫ লাখ টকা।

স্থানীয় ৰাইজে ৰাতিপুৱা প্ৰত্যক্ষ কৰে দান-পাত্ৰৰ তলা ভঙা অৱস্থাত।

দান-পাত্ৰৰ সমীপত উদ্ধাৰ লোহাৰ ৰড-হাটুৰি।

ঘটনাস্থলীত বিশ্বনাথ আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত।

স্থানীয়লোকৰ মতে, উক্ত স্থানতে এটা টাৱাৰ নিৰ্মাণৰ কাম চলি আছে আৰু দান-পাত্ৰৰ তলা ভঙাত সেই টাৱাৰ নিৰ্মাণ কৰা ৰড ব্যৱহাৰ কৰা হৈছে।

এই চুৰি কাৰ্যৰ লগত জড়িত থকা লোকক চিনাক্ত কৰি অতি শীঘ্ৰে উচিত শাস্তি দিয়াৰ দাবী জনাইছে স্থানীয় ৰাইজে।

আনহাতে একে নিশাতে চাৰিটাকৈ মছজিদ চুৰি হোৱা ঘটনা সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।