ভয়ংকৰ পথ দুৰ্ঘটনা! তীব্ৰবেগী বাছে মহটিয়াই নিলে পথচাৰীক, এজনৰ মৃত্যু, আহত মহিলাসহ ৪

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

তীব্ৰবেগী বাছে মহটিয়াই নিলে পথচাৰীক।

দুৰ্ঘটনাত নিহত এজন লোক, আহত মহিলাসহ ৪জন।

তীব্ৰবেগী আল্ট্ৰা বাছে মহতিয়াই নিলে এগৰাকী বাছস্থানৰ কাউণ্টাৰৰ সমীপত ৰৈ থকা যাত্ৰীক।

সংকটজনক অৱস্থাত দুই মহিলাসহ চাৰিজনলোকক নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ।

বৰ্তমানলৈকে হতাহত হোৱা লোককেইজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই।

দুৰ্ঘটনা সংঘটিত কৰা আল্ট্ৰাখনৰ নম্বৰ AS02AC8588।

জানিব পৰামতে, নগাঁৱৰ পৰা লংকা অভিমুখী আছিল বাছখন।

দুৰ্ঘটনাক কেন্দ্ৰ কৰি কঠিয়াতলীৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

ঘটনাস্থলীত নগাঁও আৰক্ষী উপস্থিত হৈ আল্ট্ৰা চালকক আটক কৰাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।