সৰ্প দংশনত কিশোৰীৰ মৃত্যু, তদন্তৰ বাবে কবৰ খান্দি মৃতদেহ উলিয়ালে আৰক্ষীয়ে…

এক চাঞ্চল্যকৰ ঘটনা।

সৰ্প দংশনত মৃত্যু হোৱা কিশোৰীৰ মৃতদেহ খান্দি উলিয়ালে আৰক্ষীয়ে।

জানিব পৰা মতে, শোণিতপুৰৰ ৰৌমাৰীত এগৰাকী কিশোৰীৰ সৰ্প দংশনত মৃত্যু হোৱাত কবৰ দিয়া হৈছিল।

১৬ নৱেম্বৰত কিশোৰীগৰাকীয়ে নিজা আবাসতে ঘৰুৱা কাম কৰি থাকাৰ সময়তে অকস্মাতে এডাল সৰ্পই দংশন কৰে।

জিমিতা ধান নামৰ কিশোৰীগৰাকীক লগে লগে পৰিয়ালৰ লোকে সমীপৰে এখন ফাৰ্মাচীত চিকিৎসাৰ বাবে লৈ যায়।

ফাৰ্মাচীত কিশোৰীগৰাকীক এটা বেজী আৰু জ্বৰৰ ঔষধ প্ৰদান কৰি ঘৰলৈ পঠিয়াই দিয়ে। কিন্তু কিছু সময় পিছতেই কিশোৰীগৰাকী অসুস্থ হৈ পৰে।

ইয়াৰ পিছতে পৰিয়ালে চিকিৎসাৰ বাবে তেজপুৰলৈ কিশোৰীগৰাকীক লৈ যায় যদিও আদবাটতে কিশোৰীগৰাকীৰ মৃত্যু হয়।

কিশোৰীগৰাকীক ঘৰলৈ অনাৰ পাছত পৰিয়ালে দুদিন জ্বৰা-ফুকা কৰে যদিও কিশোৰীগৰাকীক সুস্থ কৰিব নোৱাৰিলে।

পিছত ধর্মীয় নীতি-নিয়ম মতে কবৰ দিয়াৰ পাছত পৰিয়ালৰ লোকে ফাৰ্মাচীৰ ভুল চিকিৎসাৰ বাবে মৃত্যু হোৱা বুলি স্থানীয় আৰক্ষী চকীত এজাৰ দাখিল কৰে।

যাৰ পৰিপেক্ষিতত আৰক্ষীয়ে বৃহস্পতিবাৰে পুনৰ কিশোৰীগৰাকীৰ মৃতদেহ কবৰ খান্দি উলিয়ায়।