শোকাবহ! প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত নিৰাপত্তাত নিয়োজিত আৰক্ষীৰ স্নিফাৰ ডগ টাইছনৰ মৃত্যু, সামৰিক মৰ্যাদাৰে জনোৱা হ’ল শেষ বিদায়…

নিউজ ডেস্কঃ তেলেংগানাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভ্ৰমণৰ সময়ত নিৰাপত্তাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা টাইছনৰ মৃত্যুত শোকাহত হৈ পৰিছে তেলেংগানা আৰক্ষী।

তেলেংগানাৰ কৰিমনগৰ আৰক্ষী আয়ুক্তৰ স্নিফাৰ ডগ টাইছন যোৱা কিছুদিন ধৰি অসুস্থ হৈ থাকি বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে।

image 114
শোকাবহ! প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত নিৰাপত্তাত নিয়োজিত আৰক্ষীৰ স্নিফাৰ ডগ টাইছনৰ মৃত্যু, সামৰিক মৰ্যাদাৰে জনোৱা হ’ল শেষ বিদায়… 4

২০১৫ চনত আৰক্ষী বিভাগত যোগদান কৰা টাইছনে ৭ বছৰীয়া কাৰ্যকালত আৰক্ষীৰ কেইবাটাও অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

প্ৰধানমন্ত্ৰীৰ তেলেংগানা ভ্ৰমণৰ লগতে মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ ভ্ৰমণ কাৰ্যসূচীৰ সময়তো কৰ্তব্যৰত আছিল টাইছন।

image 115
শোকাবহ! প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত নিৰাপত্তাত নিয়োজিত আৰক্ষীৰ স্নিফাৰ ডগ টাইছনৰ মৃত্যু, সামৰিক মৰ্যাদাৰে জনোৱা হ’ল শেষ বিদায়… 5

তদুপৰি দ্বিবাৰ্ষিক জনজাতীয় মেলা সম্মাক্কা-ছাৰাক্কা জাটাৰা আৰু হায়দৰাবাদ বোনালু উৎসৱৰ লগতে অন্যান্য অনুষ্ঠানৰ সময়ত টাইছন আৰক্ষীৰ নিৰাপত্তাৰ ব্যৱস্থাৰ অংশ আছিল।

কিন্তু যোৱা কিছুদিনৰ পৰা অসুস্থ হৈ থকা টাইছনৰ জীৱন ৰক্ষা কৰিবলৈ চিকিৎসকে অশেষ প্ৰচেষ্টা চলাইও ব্যৰ্থ হয়।

যাৰ বাবে বুধবাৰে পুৱা মৃত্যু ঘটে কৰিমনগৰ আৰক্ষীৰ বিশ্বাসী স্নিফাৰ ডগটোৰ।

image 116
শোকাবহ! প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত নিৰাপত্তাত নিয়োজিত আৰক্ষীৰ স্নিফাৰ ডগ টাইছনৰ মৃত্যু, সামৰিক মৰ্যাদাৰে জনোৱা হ’ল শেষ বিদায়… 6

ইয়াৰ পিছতে আৰক্ষীৰ মুখ্য কাৰ্যালয়ত কুকুৰটোক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰক্ষী আয়ুক্ত ভি সত্যনাৰায়ণৰ লগতে আন আৰক্ষী বিষয়াসকলে।

তাৰ পিছতে আৰক্ষীৰ মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় টাইছনৰ।