অসম

উদ্বেগজনক! নগাঁৱৰ কাৰাগাৰত ৯১জন কয়দীৰ দেহত ধৰা পৰিছে এইডছ…

এক উদ্বেগজনক খবৰ।

এইডছৰ হটস্পটত পৰিণত হৈছে নগাঁৱৰ বিশেষ আৰু কেন্দ্ৰীয় কাৰাগাৰ দুখন।

ৰাজ্যৰ একমাত্ৰ বিশেষ কাৰাগাৰ আৰু কেন্দ্ৰীয় কাৰাগাৰ কয়দীৰ দেহত ধাৰাবাহিক ভাবে এইডছ ধৰা পৰাৰ পিছত সম্প্ৰতি হাহাকাৰ লাগিছে।

বিগত ছেপ্টেম্বৰ মাহত দুইখন কাৰাগাৰত সৰ্বমুঠ ৮৮গৰাকী কয়দীৰ দেহত ধৰা পৰিছে এইছ আই ভি৷

ইয়াৰে বিশেষ কাৰাগাৰত ৪৫ আৰু কেন্দ্ৰীয় কাৰাগাৰত ৪০ জন কয়দী।

উল্লেখ্য যে জানুৱাৰীৰ পৰা জুলাই মাহলৈকে ৩০জন কয়দীৰ দেহত এইডছ ধৰা পৰিছিল৷

ইয়াৰ ভিতৰত মহিলা কয়দীও আছে৷ চাৰিগৰাকী মহিলা এইডছ আক্ৰান্ত বুলি স্বাস্হ্য বিভাগে নিশ্চিত কৰিছে৷

কাৰাগাৰ দুখনত সৰ্বমুঠ ৯১ জন কয়দী এইডছত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *