আজৱ কাণ্ড! বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, প্ৰধান শিক্ষকে ক’লে- পোক-পৰুৱাত ভিটামিন থাকে…

নিউজ ডেস্কঃ কিদৰে চলিছে দেশৰ শিক্ষা খণ্ড? ছাত্ৰ-ছাত্ৰীক অধ্যয়নৰ প্ৰতি আকৃষ্ট কৰিবলৈ মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰা হৈছে ঠিকেই, কিন্তু কিমান পুষ্টিকৰ খাদ্য প্ৰদান কৰা হৈছে ছাত্ৰ-ছাত্ৰীসকলক।

মধ্যাহ্ন ভোজনৰ নামত সংঘটিত কেলেংকাৰীৰ বহু ঘটনা ইতিমধ্যে পোহৰলৈ আহিছে। কেতিয়াবা যদি খাদ্যৰ নামত দিয়া হৈছে কেৱল নিমখ-ভাত, আন কেতিয়াবা আকৌ ছাত্ৰ-ছাত্ৰীয়ে খাবলগীয়া হৈছে পানী আৰু ভাত।

শেহতীয়াকৈ বিহাৰৰ ভাগলপুৰত মধ্যাহ্ন ভোজনৰ পিছতে ২০০ গৰাকী ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰাৰ খবৰ পোহৰলৈ আহিছিল। অভিযোগ অনুসৰি, সেই সময়ত খাদ্যৰ মাজত পইতাচৰা পোৱাৰ পিছতো প্ৰধান শিক্ষকে সেয়া বেঙেনা বুলি জোৰকৈয়ে ছাত্ৰ-ছাত্ৰীক খাবলৈ দিছিল।

image 92
আজৱ কাণ্ড! বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, প্ৰধান শিক্ষকে ক’লে- পোক-পৰুৱাত ভিটামিন থাকে… 3

এইবাৰ তেনে এক আশ্বৰ্যকৰ ঘটনাই পুনৰ সংঘটিত হৈছে। অভিযোগ অনুসৰি, বিহাৰৰে বৈশালী জিলাৰ এখন বিদ্যালয়ত খাদ্যৰ লগত ওলায় পোক।

এই সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীয়ে প্ৰধান শিক্ষকক অৱগত কৰাত এক অদ্ভূত উত্তৰ প্ৰদান কৰে প্ৰধান শিক্ষকগৰাকীয়ে।

অভিযোগ অনুসৰি, প্ৰধান শিক্ষকে কয়- ‘পোক-পৰুৱাত ভিটামিন থাকে। সেয়ে চুুপচাপ সেয়া খাওক।’

বাতৰি অনুসৰি, এই আশ্বৰ্যকৰ ঘটনা সংঘটিত হয় বৈশালীৰ লালগঞ্জৰ আটাতুল্লাহপুৰ মধ্য বিদ্যালয়ত।

১২ নৱেম্বৰত যেতিয়া ছাত্ৰ-ছাত্ৰীসকলে মধ্যাহ্ন ভোজন খাবলৈ বহিছিল, তেতিয়া তেওঁলোকে খাদ্যত পোক-পৰুৱা থকাৰ অভিযোগ কৰিছিল।

image 93
আজৱ কাণ্ড! বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, প্ৰধান শিক্ষকে ক’লে- পোক-পৰুৱাত ভিটামিন থাকে… 4

কিন্তু প্ৰধান শিক্ষক ড০ মিছাউদ্দিনে এই অভিযোগ আওকাণ কৰে। ইয়াৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীসকলক প্ৰহাৰ কৰাৰ অভিযোগহে উত্থাপন হয় প্ৰধান শিক্ষকৰ বিৰুদ্ধে।

প্ৰধান শিক্ষকৰ প্ৰহাৰত এগৰাকী ছাত্ৰৰ হাত ভঙাৰ পিছতে বিদ্যালয়খনত স্থানীয় ৰাইজ উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

ইফালে পৰৱৰ্তী সময়ত অভিযোগৰ সন্দৰ্ভত প্ৰধান শিক্ষকগৰাকীয়ে কয় যে তেওঁ ‘পোক-পৰুৱাত থকা ভিটামিন’ৰ কথা কোৱা নাছিল।

প্রতিবেদন অনুসৰি, বিষয়টো শিক্ষা বিভাগৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে বিষয়াৰ এটা দল বিদ্যালয়লৈ প্ৰেৰণ কৰা হয়৷ লালগঞ্জৰ ব্লক শিক্ষা বিষয়া পৰশুৰাম সিঙে ছাত্ৰ-ছাত্ৰীৰ সৈতে বাৰ্তালাপ কৰে।

তদন্তকাৰী দলটোৱে বিষয়টোক গুৰুতৰ বুলি অভিহিত কৰি অভিযোগ সঁচা বুলি ধৰা পৰিলে তেতিয়া ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।