মৰ্মান্তিক! খুলশালীয়েকৰ বিয়াৰ আনন্দত নাচি থকাৰ সময়তে হঠাৎ ঢলি পৰি মৃত্যু ভিনিহিয়েকৰ…

নিউজ ডেস্কঃ চৌদিশে আনন্দময় পৰিৱেশ। ৰভাতলীত বাজি থকা উচ্চস্বৰৰ ডিজেৰ তালে তালে কোনোৱে যদি নাচিছে, আন কোনোৱে আকৌ কথাৰ মহলা পাতিছে।

বিয়াৰ ৰভাতলীৰ এনে আনন্দময় পৰিৱেশৰ মাজতে হঠাৎ নামি আহিল দুখৰ ছাঁয়া। মঞ্চত নাচি থকাৰ সময়তে হঠাৎ ঢলি পৰি আকস্মিক মৃত্যুক সাৱটি ল’লে কইনাৰ ভিনিহিয়েকে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ পালিত। শুকুৰবাৰে নিশা বিয়াৰ ৰভাতলীত সংঘটিত এই ঘটনাই শোকৰ বন্যা নমাইছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোত।

জানিব পৰা মতে, খুলশালীয়েকৰ বিয়া উপলক্ষ্যে আনন্দত মতলীয়া হৈ পৰিছিল পালিৰ ৰানাবাস ষ্টেছনৰ নিৱাসী ৪২ বৰ্ষীয় আব্দুল চেলিম পাঠানো।

ৰভাতলীৰ মঞ্চত আন লোকৰ সৈতে তেওঁ ডিজেৰ তালে তালে নাচি থকাৰ সময়তে হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ ঢলি পৰে।

লগে লগে তেওঁক নিকটৱৰ্তী হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

জানিব পৰা মতে, মৃত আব্দুল চেলিম পাঠান এখন চৰকাৰী বিদ্যালয়ৰ শাৰীৰিক শিক্ষাৰ প্ৰশিক্ষক আছিল। তেওঁৰ খুলশালীৰ বিয়াৰ আনন্দত নাচি থকা সময়তে হঠাৎ ঘটে এই অঘটন।

ইফালে এই মৰ্মান্তিক ঘটনাৰ এটা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

উল্লেখ্য যে, বিগত কিছু দিনত আকস্মিক হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটাৰ বহু ঘটনা পোহৰলৈ আহিছে।