প্ৰাক্তন অগপ বিধায়ক ৰবিন বনিক্যৰ দেহাৱসান।
অভয়াপুৰী দক্ষিণ বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল ৰবিন বনিক্য।
দীৰ্ঘদিন ধৰি অসুস্থ আছিল প্ৰাক্তন বিধায়কগৰাকীৰ।
আজি পুৱা প্ৰায় ৭:৩০ বজাত বঙাইগাঁওৰ এখন ব্যক্তিগত হাস্পতালত প্ৰাক্তন বিধায়ক গৰাকীৰ দেহাৱসান ঘটে।
প্ৰয়াত ৰবিন বনিক্য অভয়াপুৰী দক্ষিণ বিধান সভা সমষ্টিৰ পৰা ২ বাৰকৈ অগপ দলৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।
মৃত্যুৰ সময়ত তেওৰ বয়স আছিল ৭৭ বছৰ।









