জ্যেষ্ঠ সাংবাদিক বসন্ত কুমাৰ শৰ্মাৰ অকাল বিয়ােগ

নিউজ ডেস্ক। ৰাজ্যখনৰ এজন জ্যেষ্ঠ সাংবাদিক বসন্ত কুমাৰ শৰ্মা (৪৩)ৰ অকাল বিয়ােগ।

নগাঁও চহৰৰ সমীপৱৰ্তী দক্ষিণপাট নিবাসী শৰ্মাৰ বৃহস্পতিবাৰে বিয়লি প্রায় ২ বাজি ৪০ মিনিটত আকস্মিকভাৱে উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ শেষ নিস্বাস ত্যাগ কৰে শৰ্মাই।

জানিব পৰা মতে, নিজ বাসগৃহতে বুধবাৰে নিশা উচ্চ ৰক্তচাপত আক্ৰান্ত হােৱা সাংবাদিকজনক নগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও কোনো সুফল লাভ নকৰাত বৃহস্পতিবাৰে উন্নত চিকিৎসাৰ বাবে এম্বুলেঞ্চেৰে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। কিন্তু গুৱাহাটী অভিমুখে নি থকা অৱস্থাতে সাংবাদিক শৰ্মাই শেষ নিশ্বাস ত্যাগ কৰে।

314607083 5638478459554237 5418525006914656064 n
জ্যেষ্ঠ সাংবাদিক বসন্ত কুমাৰ শৰ্মাৰ অকাল বিয়ােগ 3

সাংবাদিকজনৰ অকাল মৃত্যুত সমগ্ৰ নগাঁৱৰ লগতে ৰাজ্যৰ সংবাদ মহলতাে শোকৰ ছাঁ পৰিছে।

উল্লেখ্য যে প্ৰয়াত শৰ্মাই পোন প্ৰথমে ‘আজিৰ বাতৰি’ৰ জৰিয়তে ১৯৯৬ত সংবাদ সেৱা আৰম্ভ কৰিছিল।

315026653 144338718352079 4371600558092279055 n
জ্যেষ্ঠ সাংবাদিক বসন্ত কুমাৰ শৰ্মাৰ অকাল বিয়ােগ 4

ইয়াৰ পৰৱৰ্তী সময়ত গুৱাহাটীৰ পৰা প্ৰকাশিত ‘আজি’ কাকতৰ সংবাদদাতা, ‘দৈনিক অগ্ৰদূত’ ৰ উপ-সম্পাদক, ‘প্রাইম নিউজ’ৰ চীফ ৰিপৰ্টাৰ, ‘প্ৰাগ নিউজ’ৰ চীফ ৰিপৰ্টাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

শেহতীয়াকৈ এটা নিউজ প’ৰ্টেলৰ স’তে জড়িত আছিল তেওঁ।

মৃত্যুৰ সময়ত তেওঁ মাতৃ, পত্নী, দুগৰাকী কণমানি কন্যা আৰু দুজন ভ্ৰাতৃক এৰি থৈ যায়।

সাংবাদিকজনৰ মৃত্যুত জ্যেষ্ঠ সাংবাদিক কনকসেন ডেকা, নগাঁৱৰ বিধায়ক ৰূপক শর্মা, নগাঁও জিলা বাৰ্তাজীৱী সংঘ, নগাঁও ইলেক্ট্রনিক মিডিয়া এছ’চিয়েছন, নগাঁও প্ৰেছ ক্লাবৰ লগতে বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।