অসম

দিছপুৰ থানাত উপস্থিত ৰাজকন্যাক সহায় কৰা বুলি নাম ওলোৱা GNRCৰ চিকিৎসক নভনীল বৰুৱা…

অৱশেষত দিছপুৰ থানাত উপস্থিত ৰাজকন্যাক সহায় কৰা বুলি চৰ্চা লাভ কৰা GNRCৰ চিকিৎসক নভনীল বৰুৱা।

৮ অক্টোবৰ তাৰিখ শুকুৰবাৰে নিজেই গৈ থানাত উপস্থিত হয় চিকিৎসক গৰাকী।

বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাক চিনি নাপায় ডাঃ নৱনীল বৰুৱাই।

দিছপুৰ আৰক্ষীৰ আগত এই ভাষ্য ডাঃ বৰুৱাৰ।

তেওঁ কয়- ‘মই কাকো নিৰাপত্তা দিয়া নাই। মই একো ভুল কৰা নাই। পূৰ্বে মোৰ কোনো চিনাকী নাছিল ৰাজকন্যাৰ সৈতে। ICU ত মই ৰখা নাছিলো।’

উল্লেখ্য যে, ডাঃ নভনীল বৰুৱাৰ বিৰুদ্ধে ৰাজকন্যা বৰুৱাক আৰক্ষীৰ পৰা সুৰক্ষা দিবলৈ চেষ্টা কৰাৰ অভিযোগ।

সুস্থ ৰাজকন্যাক জি এন আৰ চিৰ আই চি ইউ ভৰ্তি কৰোৱাৰ অভিযোগ ডাঃ নৱনীল বৰুৱাৰ বিৰুদ্ধে।

বৃহস্পতিবাৰে ডাঃ নভনীল বৰুৱালৈ চমন প্ৰেৰণ কৰাৰ পিছতে শুক্ৰবাৰে চিকিৎসকগৰাকী দিছপুৰ থানাত উপস্থিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *