মানৱদৰদী চনু সুদৰ মহানুভৱতাই নতুন জীৱন দিলে শিৱসাগৰৰ ৰাজু আলীক! পুনেত দুই হাত লাভ কৰি উভতি আহিল স্বগৃহলৈ…

নিউজ ডেস্কঃ কিছুবছৰ পূৰ্বে নিজ গৃহতে সংঘটিত এক বিস্ফোৰণত দুহাত হেৰুৱাই পেলাইছিল শিৱসাগৰৰ পেছাত গাড়ী চালক ৰাজু আলীয়ে!

তাৰ পিছতেই যেন ৰাজু আলীৰ জীৱনলৈ নামি আহিছিল অমানিশাৰ অন্ধকাৰ! দুহাত হেৰুৱাই জীৱনৰ উপাৰ্জনৰ পথটোও হেৰুৱাই পেলোৱা ৰাজু আলীৰ বাবে নিজকে জীয়াই ৰখাটো আৰু পৰিয়ালৰ পোহপাল দিয়াটোও হৈ পৰিছিল এক কঠোৰ প্ৰত্যাহ্বান।

৫৭ বৰ্ষীয় ৰাজু আলীৰ বাবে আন এক দুৰ্যোগ আছিল তেওঁ আলফাৰ সদস্য হোৱাৰ সন্দেহ। তেওঁৰ ঘৰত সংঘটিত বিস্ফোৰণত দুয়োখন হাত হেৰুৱাই প্ৰায় এবছৰ ধৰি হাস্পতালত চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছিল ৰাজু আলীয়ে।

image 71
মানৱদৰদী চনু সুদৰ মহানুভৱতাই নতুন জীৱন দিলে শিৱসাগৰৰ ৰাজু আলীক! পুনেত দুই হাত লাভ কৰি উভতি আহিল স্বগৃহলৈ… 3

কিন্তু হাস্পতালৰ পৰা ওলাই অহাৰ পিছতে আলফাৰ হৈ কাম কৰাৰ সন্দেহত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰে।

জে’লত কিছু দিন পাৰ কৰাৰ পিছত অৱশ্যে তেওঁ মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হয়।

শিৱসাগৰৰ ষ্টেচন চাৰিআলিৰ নিৱাসী ৰাজু আলীয়ে নিজৰ লগতে পৰিয়ালটোৰ পোহপাল দিবলৈ নানান কষ্টৰ সন্মুখীন হ’বলগীয়া হয়।

আনহাতে ২০১৯ চনৰ কোভিড মহামাৰী আৰু লকডাউনৰ সময়ত বহিঃৰাজ্যত কৰ্মৰত বহু অসমীয়া যুৱক-যুৱতীক স্বগৃহলৈ প্ৰেৰণ কৰা অভিনেতা চনু সুদৰ মহানুভৱতাৰ বিষয়ে টিভিৰ জৰিয়তে জানিব পাৰি অলপ হ’লেও মনত আশাৰ ৰেঙনি জিলিকি উঠে ৰাজু আলীৰো।

image 72
মানৱদৰদী চনু সুদৰ মহানুভৱতাই নতুন জীৱন দিলে শিৱসাগৰৰ ৰাজু আলীক! পুনেত দুই হাত লাভ কৰি উভতি আহিল স্বগৃহলৈ… 4

চনু সুদৰ বৈদন্যতাই তেওঁক প্ৰভাৱিত কৰাৰ পিছত অভিনেতাগৰাকীৰ পৰা সহায় পোৱাৰ আশাৰেই যোৱা ২৬ অক্টোবৰত তেওঁ অকলে ৰে’লযোগে মুম্বাইলৈ যাত্ৰা কৰে।

৩০ অক্টোবৰত তেওঁ মুম্বাইত উপস্থিত হৈ চনু সুদৰ ঘৰৰ বাহিৰৰ লানি নিছিগা শাৰীৰ মাজত থিয় হৈ অভিনেতাগৰাকীৰ সাক্ষাতৰ বাবে অপেক্ষা কৰে।

সৌভাগ্যক্ৰমে সেইদিনাই প্ৰায় ৪ ঘণ্টাৰ প্ৰতীক্ষাৰ অন্তত ৰাজু আলীয়ে সাক্ষাৎ লাভ কৰে চনু সুদৰ। অভিনেতাগৰাকীৰ সন্মুখত তেওঁৰ জীৱনৰ কথা ব্যক্ত কৰাত অৱেগত তেওঁক সাৱটি ধৰে চনু সুদে।

তাৰ পিছতে দুখন কৃত্ৰিম হাত প্ৰদানৰ বাবে পিছদিনা চনু সুদৰ সহযোগীসকলে ৰাজু আলীক লৈ যায় পুনেৰ চেলাগাঁও নামৰ অঞ্চলটোৰ এটা প্ৰতিষ্ঠানলৈ।

য’ত ৰাজু আলীক প্ৰায় ৩ লাখ মূল্যৰ দুখন বৈদ্যুতিক চাৰ্জাৰযুক্ত হাত প্ৰদান কৰে প্ৰতিষ্ঠানটোৱে।

ইফালে সেইদিনা ৰাজু আলীৰ থকাৰ অসুবিধাৰ কথা জানিব পাৰি চনু সুদৰ অতিথিশালাত নিশাটো পাৰ কৰাৰো সুযোগ লাভ কৰে অসমৰ ৰাজু আলীয়ে।

যিজন ব্যক্তিয়ে দুহাত হেৰুৱাই পানী এগিলাছ নিজে লৈ খাবলৈ অক্ষম হৈ পৰিছিল, সেইজন ৰাজু আলীয়েই এতিয়া বৈদ্যুতিক চাৰ্জাৰযুক্ত কৃত্ৰিম হাতেৰে সাধাৰণ ব্যক্তিৰ দৰে নৈমিত্তিক কাম কৰিবলৈ সক্ষম হোৱাত আনন্দিত হৈ পৰিছে ৰাজু আলী।

ইফালে ৰিয়েল হি’ৰ চনু সুদৰ বৈদন্যতাই মুখত হাঁহি বিৰিঙাইছে ৰাজু আলীৰ পৰিয়ালৰো। পুনেত দুই হাত লাভ কৰাৰ পিছত ইতিমধ্যে পুনৰ নিজ গৃহত উপস্থিত হৈছে ৰাজু আলী।