শোকাবহ! তামুলপুৰত সেনাৰ এম্বুলেন্স দুৰ্ঘটনাগ্ৰস্ত হৈ জোৱানৰ মৃত্যু

নিউজ ডেস্কঃ সোমবাৰে পুৱা তামুলপুৰ জিলাত ভাৰতীয় সেনাৰ এখন এম্বুলেন্স দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু ঘটে এগৰাকী সেনা জোৱানৰ।

জানিব পৰা মতে, সেনাৰ এম্বুলেন্সখন তামুলপুৰৰ পৰা ওদালগুৰিলৈ গৈ থকা সময়তে তামুলপুৰ-নাগ্ৰীজুলি পথৰ জামুগুৰিত এম্বুলেন্সখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে।

photo1667809215
শোকাবহ! তামুলপুৰত সেনাৰ এম্বুলেন্স দুৰ্ঘটনাগ্ৰস্ত হৈ জোৱানৰ মৃত্যু 2

এই দুৰ্ঘটনাত এগৰাকী জোৱান নিহত হোৱাৰ বিপৰীতে আন ৮ গৰাকী জোৱান আহত হয়।

নিহত সেনা জোৱান জনৰ পৰিচয় প্ৰবীণ টামাং বুলি জানিব পৰা গৈছে।

ইফালে দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সেনা জোৱান কেইজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে।