জামিনত আহি আকৌ ড্ৰাগছৰ ব্যবসায়ঃ হাতে লোটে আৰক্ষীৰ জালত নাছিম আখতাৰ…

কাৰাগাৰৰ পৰা জামিন লাভ কৰি পুনৰ ড্ৰাগছৰ অবৈধ ব্যবসায়ত নামিছে একাংশ।

ড্ৰাগছৰ অবৈধ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ কাৰাগাৰত থকাৰ পাছত  জামিন লাভ কৰি কাৰাগাৰৰ পৰা ওলাই আহি পুনৰ ড্ৰাগছৰ অবৈধ ব্যবসায়ত নামিছে একাংশ যুৱক৷

আৰক্ষীয়ে চলোৱা এক অভিযানত এই তথ্য পোহৰলৈ আহিছে।

বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাছিম আখতাৰ নামৰ যুবকজন কিছুদিন পূৰ্বে কাৰাগাৰৰ পৰা জামিনত গৈছিল৷

পূৰ্বে নাছিমক নিচাযুক্ত ড্ৰাগছৰ অবৈধ ব্যবসায়ৰে জৰিত থকাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

নগাঁও সদৰ থানাৰ আৰক্ষীয়ে সন্ধ্যা চহৰখনৰ আমিনপট্টিলৈ এক চক্ৰই বিক্ৰীৰ বাবে ড্ৰাগছ হিচাপে ব্যবহাৰ হোৱা নিচাযুক্ত ঔষধ অনা বুলি তথ্য লাভ কৰে৷

সেই মৰ্মে অসামৰিক পোচাকত আৰক্ষীৰ লোক খাপ পিটে৷ নিদিষ্ট সময়ত দুজন লোকে ড্ৰাগছ খিনি লৈ এটি ঘৰত প্ৰবেশ কৰোতে আৰক্ষীয়ে হাতে লোতে ধৰিবলৈ সক্ষম হয়৷

আৰক্ষীয়ে অভিযানৰ সময়ত এগৰাকী মহিলা সহ পাঁচজন লোকক গ্ৰেপ্তাৰ কৰে৷

ধৃত পাঁচজনৰ ভিতৰত পূৰ্বে ড্ৰাগছ সৰবৰাহ গোচৰত গ্রেপ্তাৰ হোৱা নাছিম আখতাৰ মূল অভিযুক্ত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আনহাতে ড্ৰাগছৰ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত দুগৰাকী মহিলাৰ লগতে বাপ্পী সেন আৰু ছাইফুল ইছলাম নামৰ দুজন যুৱককো গ্ৰেপ্তাৰ কৰিছে।

Leave a Comment