সুঃখবৰ! ডিচেম্বৰত পুনৰ প্ৰকাশ কৰা হ’ব ১০ হাজাৰ চৰকাৰী খালী পদৰ বিজ্ঞাপন…

নিউজ ডেস্কঃ ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দিনটোতে আন এক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই।

অহা ডিচেম্বৰ মাহৰ শেষৰ ফালে পুনৰ ১০ হাজাৰ চৰকাৰী পদৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ৰাজ্য চৰকাৰৰ এক লাখ নিযুক্তি সম্পন্ন কৰাৰ লক্ষ্যৰে ডিচেম্বৰৰ শেষত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ খালী হৈ থকা ১০ হাজাৰ পদৰ বাবে প্ৰকাশ কৰা হ’ব বিজ্ঞাপন।

ইফালে তাৰ পিছতে অৰ্থাৎ আগন্তুক বৰ্ষৰ জানুৱাৰীত চতুৰ্থ বৰ্গৰ প্ৰাৰ্থী সকলৰ বাবে সাক্ষাৎকাৰ আৰু তৃতীয় বৰ্গৰ প্ৰাৰ্থীসকলৰ বাবে স্কিল টেষ্ট প্ৰক্ৰিয়া সম্পন্ন হ’ব বুলিও সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই।