নিউজ ডেস্কঃ অহা ৬ নৱেম্বৰত ঘোষণা হ’ব তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল।
টুইটাৰত এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই।
উল্লেখ্য যে, ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিছিল ২৬ হাজাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা।
পূৰ্বে ঘোষণা কৰা হৈছিল চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল।
ইয়াৰ পিছতে অহা দেওবাৰে অৰ্থাৎ ৬ নৱেম্বৰত তৃতীয় বৰ্গৰো পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব বুলি সদৰী কৰে মুখ্যমন্ত্ৰীয়ে।
I am glad to inform that the results of the written examination held for recruitment for Class III posts of GOA shall be announced on 6 th November 2022 by the State Level Recruitment Commission for Class III posts.
— Himanta Biswa Sarma (@himantabiswa) November 4, 2022
ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা এই নিযুক্তি পৰীক্ষাত বিসংগতি সংঘটিত হোৱাৰো অভিযোগ উত্থাপন হৈছিল।









