ইছুদান গাধৱী হ’ব গুজৰাটত আম আদমী পাৰ্টীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী…

নিউজ ডেস্কঃ গুজৰাট নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পিছতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে আম আদমী পাৰ্টীয়ে।

গুজৰাটত এইবাৰ শক্তিশালী ৰূপত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হোৱা আম আদমী পাৰ্টিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব ইছুদান গাধৱী।

শুকুৰবাৰে এই ঘোষণা কৰে আপৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

image 45
ইছুদান গাধৱী হ’ব গুজৰাটত আম আদমী পাৰ্টীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী… 3

উল্লেখ্য যে, ইছুদান গাধৱী হৈছে আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আৰু ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য।

১৯৮২ চনৰ ১০ জানুৱাৰীত গুজৰাটৰ দ্বাৰকাত জন্মগ্ৰহণ কৰা গাধৱীয়ে ৰাজনীতিত যোগদানৰ পূৰ্বে সংবাদিক হিচাৰে কৰ্মৰত আছিল।

২০২১ চনৰ জুন মাহত তেওঁ আপত যোগদান কৰে।

image 46
ইছুদান গাধৱী হ’ব গুজৰাটত আম আদমী পাৰ্টীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী… 4

গুজৰাটত তেওঁৰ জনপ্ৰিয়তাৰ বাবে গাধৱীয়ে আপত যোগদান কৰাটো সমৰ্থন লাভৰ এক বৃহৎ পদক্ষেপ হিচাপে দেখা গৈছিল।

গুজৰাটত গাধৱীৰ জনপ্ৰিয়তা আৰু জনমতৰ ভিত্তিত মুখ্যমন্ত্ৰী প্ৰাৰ্থীৰূপে তেওঁৰ নাম ঘোষণা কৰে আপে।

কেজৰিৱালে কয় যে দলটোৱে কৰা এক সমীক্ষাত ৪০ বছৰীয়া গাধৱীয়ে ৭৩ শতাংশ ভোট লাভ কৰে। ১৬ লাখৰো অধিক লোকে ভোট দি মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰূপে গাধৱীক নিৰ্বাচন কৰে।

উল্লেখ্য যে, অহা ১ আৰু ৫ ডিচেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুজৰাট বিধানসভা নিৰ্বাচন।

বিগত ২২ বছৰে ৰাজ্যখনত শাসন চলাই থকা বিজেপিৰ সন্মুখত এইবাৰ মূল প্ৰতিদ্বন্দ্বী হিচাপে থিয় দিছে কংগ্ৰেছ আৰু আম আদমী পাৰ্টী।