নিউজ ডেস্কঃ পুনৰ দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
এইবাৰ লক্ষীমপুৰৰ জল সম্পদ চক্ৰৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ত চলিল ভিজিলেন্সৰ অভিযান।

উৎকোচ গ্ৰহণৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ এলডিএ সমৰজ্যোতি শইকীয়া আৰু মুখ্য সহায়ক তৰুণ চন্দ্ৰ মৰাঙ।

ঠিকাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে ধন লোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰা হয় দুয়োগৰাকী চৰকাৰী কৰ্মচাৰীক।
এই তথ্য সদৰী কৰিছে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে।









