উচিত শাস্তি! ধৰ্ষণৰ অভিযুক্তৰ পৰা উৎকোচ লৈ DSPৰ পৰা চিধাই কনিষ্টবল হ’ল এগৰাকী দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়া…

নিউজ ডেস্কঃ নিলম্বন অথবা গ্ৰেপ্তাৰ নহয়, উচ্চ পদস্থ আৰক্ষী বিষয়াৰ পৰা চিধাই কনিষ্টবল পদলৈ অৱনমিত কৰা হ’ল এগৰাকী দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াক।

এক ধৰ্ষণৰ গোচৰৰ তদন্ত গাপ দিয়াৰ বাবদ উৎকোচ লোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছতে এগৰাকী ডিএছপিক কনিষ্টবল পদলৈ অৱনমিত কৰাৰ নিৰ্দেশ দিয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

জানিব পৰা মতে, ২০২১ চনত সংঘটিত এগৰাকী মহিলাৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ তদন্তৰ দায়িত্বত আছিল ডিএছপি বিদ্যা কিশোৰ শৰ্মা।

image 36
উচিত শাস্তি! ধৰ্ষণৰ অভিযুক্তৰ পৰা উৎকোচ লৈ DSPৰ পৰা চিধাই কনিষ্টবল হ’ল এগৰাকী দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়া… 2

ধৰ্ষণকাণ্ডৰ অভিযুক্ত আছিল এখন চিকিৎসালয়ৰ সঞ্চালক বিনোদ যাদৱ আৰু উত্তৰ প্ৰদেশ আৰক্ষীৰ উপ-পৰিদৰ্শক ৰামবীৰ যাদৱ।

কিন্তু ভুক্তভোগীৰ পৰিয়ালে দাবী উত্থাপন কৰাৰ পিছতো অভিযুক্ত দুজনৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল ডিএছপি বিদ্যা কিশোৰ শৰ্মাই।

আৰু সেই সময়তে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে ডিএছপি জনৰ এটা ভিডিঅ’। য’ত অভিযুক্তৰ পৰা তেওঁ উৎকোচ লৈ থকা দেখা যায়।

অভিযোগ অনুসৰি, ধৰ্ষণৰ গোচৰ গাপ দিয়াৰ বাবদ অভিযুক্তৰ পৰা ৫ লাখ টকা লৈছিল ডিএছপি বিদ্যা কিশোৰ শৰ্মাই।

আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে উৎকোচৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে থৰক-বৰক হৈ পৰিছে উত্তৰ প্ৰদেশ প্ৰশাসন। বিদ্যাৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰা হয়। তাৰ লগতে দলবদ্ধ ধৰ্ষণৰ অভিযুক্ত দুজনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হয়।

তদন্তৰ সময়ত অভিযুক্ত ডি এছ পিক নিলম্বিত কৰা হয়।

ইয়াৰ পিছতে চলিত মাহত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে বিদ্যাক কনিষ্টবল হিচাপে পুনৰ নিযুক্তি দিয়া হ’ব বুলি জনায়।

জানিব পৰা মতে অহা দহ বছৰ এই পদত তেওঁ কাম কৰিব লাগিব।