ইশ্বৰৰ ঘৰতেই চোৰ! মহানগৰীত মন্দিৰৰ পৰা শ্ৰীকৃষ্ণৰ মূৰ্তি চুৰি কৰি গ্ৰেপ্তাৰ চোৰ…

নিউজ ডেস্কঃ ইশ্বৰৰ ঘৰতেই চুৰি কাৰ্য সংঘটিত কৰি গ্ৰেপ্তাৰ হ’ল এজন চোৰ।

মহানগৰীত মন্দিৰত চুৰি কাৰ্য সংঘটিত কৰাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে চোৰটোক।

ধৃত চোৰটোৰ নাম অজিত শৰ্মা বুলি জানিব পৰা গৈছে।

image 33
ইশ্বৰৰ ঘৰতেই চোৰ! মহানগৰীত মন্দিৰৰ পৰা শ্ৰীকৃষ্ণৰ মূৰ্তি চুৰি কৰি গ্ৰেপ্তাৰ চোৰ… 2

জানিব পৰা মতে, মহানগৰৰীৰ ফাঁচী বজাৰস্থিত গোবিন্দ মন্দিৰৰ পৰা ভগৱান শ্ৰীকৃষ্ণৰ এটা ধাতৱ মূৰ্তি চুৰি কৰিছিল অজিত শৰ্মাই।

মন্দিৰৰ পুৰোহিতে এই চুৰিকাৰ্যৰ বিষয়ে পাণবজাৰ আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে চোৰক বিচাৰি আৰম্ভ কৰে অভিযান।

ইয়াৰ পিছতে চুৰি মূৰ্তিসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অজিত শৰ্মা নামৰ চোৰটোক।