চৰকাৰৰ ওচৰত টকাৰ অভাৱ নাই, ব্লেকত সুৰা কিনি খাব নালাগিবৰ বাবেহে সুৰাৰ দোকান দিব বিচৰা হৈছেঃ ৰূপজ্যোতি কুৰ্মী

নিউজ ডেস্কঃ আকৌ অদ্ভূত যুক্তিৰে ৰাজ্যত সুৰাৰ নতুন দিব বিচৰা চৰকাৰৰ সিদ্ধান্তৰ সমৰ্থন বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।

বহু চিন্তা চৰ্চা কৰিহে চৰকাৰে সুৰাৰ দোকান দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্তব্য বিজেপি বিধায়কজনৰ।

কেৱল ৰাজহ সংগ্ৰহৰ বাবেই চৰকাৰে এই সিদ্ধান্ত ল’ব বিচৰা নাই বুলিও মন্তব্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।

চৰকাৰৰ ওচৰত টকাৰ অভাৱ নাই বুলি মন্তব্য কৰি মৰিয়নীৰ বিধায়কগৰাকীয়ে কয় যে যাতে মানুহে ব্লেকত সুৰা ক্ৰয় কৰি খাব নালাগে, তাৰ বাবেহে সুৰাৰ দোকান দিব বিচৰা হৈছে।

যি সমূহ অঞ্চলত সুৰাৰ দোকান নাই, সেই ঠাইসমূহত ব্লেকত সুৰা বিক্ৰী হয় বুলি মন্তব্য কৰি বিধায়কজনে কয় যে তেনে স্থানত চৰকাৰে নতুনকৈ সুৰাৰ দোকান দিয়াৰ সিদ্ধান্ত লৈছে।

অৱশ্যে সুৰা খাবই যেতিয়া, ৰাজহ দি খাওক বুলিও মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে।

উল্লেখ্য যে, ৰাজ্যত ৫০০ খন নতুনকৈ সুৰাৰ দোকান খোলাৰ বাবে চৰকাৰে অনুজ্ঞাপত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে ইয়াক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

সুৰাৰ দোকান বহুৱাই চৰকাৰে ৰাজহ সংগ্ৰহৰ কৌশল ৰচনা কৰিছে বুলিও অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে।