নিউজ ডেস্কঃ উৎসৱৰ আনন্দৰ মাজতে বিহাৰত নামিছে মৃত্যুৰ বিভীষিকা!
চাৰিদিনীয়া ছট পূজাৰ সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৫৩ জন লোকৰ সলিল সমাধি ঘটাৰ তথ্য পোহৰলৈ আহিছে।
বিহাৰৰ কেইবাখনো নদীত উটি যোৱা তীৰ্থযাত্ৰীৰ কৰুণ মৃত্যুৰ কথা ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে প্ৰকাশ কৰিছে।
ইতিমধ্যে নীতিশ কুমাৰ চৰকাৰে মৃতকৰ পৰিয়ালক আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে।

উল্লেখ্য যে, দীপাৱলীৰ শেষত সমগ্ৰ বিহাৰত ছট পূজা উদযাপন কৰা হৈছিল।
চাৰিদিনীয়াকৈ উদযাপন কৰা এই ছট পূজাৰ সময়তে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সংঘটিত হয় শোকাবহ ঘটনা।
ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ তথ্য অনুসৰি, যোৱা ৩০ অক্টোবৰত কেৱল পূৰ্ণিয়া জিলাতে ৫ জন লোকৰ নৈত ডুব গৈ সলিল সমাধি ঘটে।

আনহাতে, পাটনা, মুজাফ্ফৰপুৰ, সমস্তীপুৰ আৰু ছাহাৰছাত ৩ জনকৈ লোকৰ মৃত্যু হৈছে।
গয়া, বেগুছৰাই, কাটিহাৰ, বাক্সাৰ, কাইমুৰ, সীতাৰহী, বাংকাত ১ জনকৈ লোকৰ মৃত্যু ঘটে।
উৎসৱৰ অন্তিম দিনা অৰ্থাৎ ৩১ অক্টোবৰত সমগ্ৰ ৰাজ্যতে ১৮ জন লোকৰ মৃত্যু হয়।

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এই উৎসৱৰ সময়ত ৰাজ্যৰ ৫৩জন লোকৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
লগতে মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ আৰ্থিক সাহায্য দিয়াৰ কথাও ঘোষণা কৰে।
নীতিশ কুমাৰে জিলা দণ্ডাধীশক শীঘ্ৰে মৃতকক চিনাক্ত কৰি পৰিয়ালক ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছে।









