পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ উল্লাস! ভাৰতৰ ইঞ্জিনিয়াৰিঙৰ ছাত্ৰক ৫ বছৰ কাৰাদণ্ড আদালতৰ…

নিউজ ডেস্কঃ ২০১৯ৰ ১৪ ফেব্ৰুৱাৰীত বিভীষিকা নমাই অনা পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ আনন্দ-উল্লাস কৰা এজন যুৱকক ৫ বছৰৰ কাৰাদণ্ড বিহিছে আদালতে।

বাংগালুৰুৰ কাশ্বাৰকানাহাল্লিৰ ফইজ ৰশ্বিদ নামৰ ২২ বছৰীয়া ছাত্ৰজনে পুলৱামাৰ ভয়ংকৰ সন্ত্ৰাসবাদীৰ আক্ৰমণক লৈ আনন্দিত হৈছিল।

image 14
পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ উল্লাস! ভাৰতৰ ইঞ্জিনিয়াৰিঙৰ ছাত্ৰক ৫ বছৰ কাৰাদণ্ড আদালতৰ… 3

সামাজিক মাধ্যমত সন্ত্ৰাসবাদীৰ আক্ৰমণক লৈ উল্লাস ব্যক্ত কৰা ইঞ্জিনিয়াৰিঙৰ ছাত্ৰজনক শেহতীয়াকৈ দোষী সাব্যস্ত কৰি বাংগালুৰুৰ এখন আদালতে ৫ বছৰৰ কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাৰ জৰিমণা বিহে।

image 15
পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ উল্লাস! ভাৰতৰ ইঞ্জিনিয়াৰিঙৰ ছাত্ৰক ৫ বছৰ কাৰাদণ্ড আদালতৰ… 4

উল্লেখ্য যে, পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত ভাৰতীয় সেনাৰ ৪০ জনকৈ জোৱান শ্বহীদ হোৱাৰ পিছতে সামাজিক মাধ্যমত উল্লাস ব্যক্ত কৰি ভাৰতীয় সেনাক অপমান আৰু ইতিকিং কৰি ২৩টা পোষ্ট কৰিছিল ফইজ ৰশ্বিদ নামৰ ছাত্ৰজনে।

ইয়াৰ পিছতে ছাত্ৰজনৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল আৰক্ষীয়ে।