পুৰস্কাৰ! নৈত জাঁপ দি এজনৰ প্ৰাণৰক্ষা কৰা অ’চি সমৰজিৎ বসুমতাৰীক ডিজিপিৰ স্বৰ্ণ পদক

নিউজ ডেস্ক। নিজৰ জীৱনৰ বাজি ৰাখি এজন লােকক জীৱন্তে উদ্ধাৰ কৰি দেশজুৰি প্ৰশংসিত হ’ল অসম আৰক্ষীৰ এজন বিষয়া।

এনে দুঃসাহসিক কামৰ বাবে অসম আৰক্ষীৰ ডিজিপিৰ সোণৰ পদকেৰে সন্মানিত হ’ল কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমজিৎ বসুমতাৰী।

মংগলবাৰে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ডিজিপি ভাস্কৰজ্যোতি মহন্তই বসুমতাৰীক প্রদান কৰে সোণৰ পদক।

01 11 22 Guwahati DGP felicitated Insp. Samarjit Basumatary 10
Pix by UB Photos

উল্লেখ্য যে সােমবাৰে নদীত জঁপিয়াই আত্মহত্যা কৰিব বিচৰা এগৰাকী ব্যক্তিক আৰক্ষী পৰিদর্শক বসুমতাৰীয়ে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সাহসিকতাৰে প্ৰাণ ৰক্ষা কৰিছিল।

অ’চি গৰাকীৰ এনে কাৰ্যই সামগ্ৰিকভাৱে অসম আৰক্ষীলে গৌৰৱ কঢ়িয়াই আনিছে।

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক ‘সোণৰ পদক’ প্ৰদান কৰি সঞ্চালক প্ৰধান মহন্তই আৰক্ষী পৰিদৰ্শক বসুমতাৰীৰ দায়িত্ববোধৰ ভূয়সী প্রশংসা কৰে।

01 11 22 Guwahati DGP felicitated Insp. Samarjit Basumatary 9
Pix by UB Photos

লগতে বিষয়াজনৰ এনে কাৰ্যই সমগ্ৰ বিভাগটোক গৌৰৱাম্বিত কৰা বুলি মন্তব্য কৰে ডিজিপি মহন্তই।

সঞ্চালকপ্ৰধানগৰাকীয়ে ভৱিষ্যতেও এনেধৰণৰ উৎসর্গীকৃত মনোভাবেৰে তেওঁ ৰাইজৰ প্ৰতি সেৱা আগবঢ়াই যাব বুলি আশা প্রকাশ কৰে।