নগৰবেৰাৰ হেকৰাত চাঞ্চল্যকৰ চুৰিকাণ্ড৷
হেকৰা মিলনপুৰ বজাৰৰ এখন ষ্টেচনাৰী দোকানত চোৰৰ চফ্ট টাৰ্গেট৷
দিন দুপৰতে এজন অচিনাক্ত লোকে দোকানৰ কেচ বাকচৰ কৰা লুটি নিলে প্ৰায় ৬০০০ টকা৷
চুৰিকাণ্ডৰ সমষ্ট দৃশ্য বন্দী হৈছে দোকানখনত সংলগ্ন CCTV কেমেৰাত৷
বজাৰখনৰ ৰাজেন্দ্ৰ বিশ্বাস নামৰ লোকজনৰ ষ্টেচনাৰী দোকানখনত সংঘটিত হয় এই চুৰিকাণ্ড।
দোকানখনৰ স্বত্বাধিকাৰী ৰাজেন্দ্ৰ বিশ্বাস কিছুসময় বাহিৰলৈ যোৱাৰ সময়তে এই ঘটনা সংঘটিত হয়।
বৰ্তমানেও চোৰজনৰ কোনো সম্ভেদ লাভ কৰিব পৰা হোৱা নাই৷
দিন দুপৰতে মানুহে গিজগিজাই থকা বজাৰৰ মাজৰ এখন দোকানত এনেদৰে চুৰিকাণ্ড সংঘটিত হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছ৷









