নিউজ ডেস্কঃ কিশোৰী নিৰ্যাতনৰ গোচৰত জামিন লাভ কৰি মুকলি আকাশৰ তললৈ ওলাই অহাৰ পিছত একেগৰাকী কিশোৰীকে পুনৰ যৌন নিৰ্যাতন চলাই দ্বিতীয়বাৰৰ বাবে গ্ৰেপ্তাৰ হ’ল এজন পাষণ্ড যুৱক।
এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে কেৰালাৰ কান্নুৰত।
জানিব পৰা মতে, আৰক্ষীয়ে অভিযুক্ত যুৱকজনক বৃহস্পতিবাৰে দ্বিতীয়বাৰৰ বাবে গ্ৰেপ্তাৰ কৰাৰ পিছত শুকুৰবাৰে আদালতে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।
ধৃত অভিযুক্তজনৰ নাম জিতেশ (২২) বুলি জানিব পৰা গৈছে।
বাতৰি অনুসৰি, কেৰালাৰ তিৰুৱান্তপুৰম জিলাৰ কট্টকাড়াৰ বাসিন্দা জিতেশে সামাজিক মাধ্যমত চিনাকি হৈছিল কান্নুৰৰ নিৱাসী এগৰাকী ১৫ বছৰীয়া কিশোৰীৰ সৈতে।

দুমাহ পূৰ্বে জিতেশে কিশোৰীগৰাকীক গোপনে ঘৰৰ পৰা পলুৱাই লৈ যায়। ইয়াৰ পিছতে কিশোৰীগৰাকীৰ পৰিয়ালে থালিপাৰম্বা আৰক্ষী থানাত কন্যাৰ নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰে।
এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই যোৱা জুন মাহত কিশোৰীগৰাকীৰ উদ্ধাৰ কৰাৰ লগতে জিতেশ নামৰ অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে।
থালিপাৰম্বাৰ এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে, দুসপ্তাহ পূৰ্বে জিতেশক চৰ্তসাপেক্ষে জামিনত মুকলি কৰি দিয়া হৈছিল।
কিন্তু কাৰাগাৰৰ পৰা ওলায়েই জামিনৰ চৰ্ত উলংঘা কৰি কান্নুৰ জিলাত প্ৰৱেশ কৰে অভিযুক্তজনে।
ইয়াৰ পিছতে কিশোৰীগৰাকীক এটা পাম্প হাউচলৈ নি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হয় জিতেশৰ বিৰুদ্ধে।
কিশোৰীগৰাকীৰ পৰিয়াল আৰু স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে দ্বিতীয়বাৰ গ্ৰেপ্তাৰ কৰি জিতেশৰ বিৰুদ্ধে পুনৰ একেবোৰ ধাৰাতে গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে।
এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।









