কা আন্দোলনৰ ছহীদ ছেম ষ্টেফ’ৰ্ডৰ হত্যাৰ গোচৰত অভিযুক্ত জি পি সিঙক দোষমুক্ত ঘোষণা।
২০১৯ চনৰ অসম কঁপোৱা কা আন্দোলনে অতিক্ৰম কৰিলে ৩টা বছৰ।
সেই আন্দোলনত ৫ জনকৈ লোক ছহীদ হৈছিল। তাৰে ভিতৰত আছিল ছেম ষ্টেফ’ৰ্ড।
ছেমৰ হত্যাৰ গোচৰৰ অভিযুক্ত জি.পি.সিঙক মুক্ত ঘোষণা কৰিছে আদালতে।
কামৰূপ জিলা মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে অভিযোগ মুক্ত কৰে জি পি সিঙক।
আৰক্ষীয়ে কৰা তদন্তত জি পি সিং জড়িত থকাৰ প্রমাণ পোৱা নগ’ল।
আৰক্ষীৰ তদন্তত ছেম ষ্টেফ’ৰ্ডৰ শৰীৰত গুলী লগাটো নিশ্চিত হৈছে যদিও গুলী চালনা কৰা ব্যক্তি গৰাকীক চিনাক্ত কৰিব পৰা নগ’ল বুলি প্রতিবেদন দাখিল কৰে আৰক্ষীয়ে।
আনহাতে আদালতে জিলা আইন সেৱা প্রাধিকৰণক পৰিয়ালটোক ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।









