ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ ঘটনা।
বনৰীয়া হাতীৰ আক্ৰমণত বেংক কৰ্মচাৰীৰ মৃত্যু।
জাগীৰোডৰ দেওশালত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।
ৰাষ্ট্ৰীয় ঘাইপথত বন্যহস্তীয়ে আক্ৰমণ কৰিলে এখন চাৰিচকীয়া বাহনত।
বাহন ভাঙি চূৰমাৰ কৰিলে বনৰীয়া হাতীয়ে।
ঘটনাস্থলীতে মৃত্যু গুৱাহাটীৰ দেৱাশিস ভট্টাচাৰ্যৰ।
তেজপুৰৰ নৰ্থ-ইষ্ট ফাইনেন্স বেংকত কৰ্মৰত আছিল দেৱাশিস।
কৰ্মস্থলীৰ পৰা গুৱাহাটীলৈ ওভতাৰ পথতে এই ঘটনা সংঘটিত হয়।
ঘটনাৰ বাবে বনবিভাগক দোষাৰোপ কৰিলে স্থানীয় লোকে।









