দীপাৱলীৰ নিশা টীয়কত জুৱাৰ আদ্দা উৎখাত আৰক্ষীৰ! জব্দ ১৫ খন মটৰ চাইকেলসহ বৃহৎ পৰিমাণৰ বিলাতী সুৰা…

নিউজ ডেস্কঃ দীপাৱলীৰ নিশা টীয়কত সমাজ বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে চলিল আৰক্ষীৰ অভিযান।

সোমবাৰে নিশা টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজিত টেৰঙৰ নেতৃত্বত আৰক্ষীৰ দলে অভিযান চলাই লাহিং আলি চুকত উৎখাত কৰিবলৈ সক্ষম হয় জুৱাৰ বেহা।

এক বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে লাহিং আলি চুকৰ পৰা জুৱাত ব্যৱহৃত ১৫ খন মটৰ চাইকেলৰ লগতে জুৱা খেলৰ সামগ্ৰী আৰু বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।

photo1666682081
দীপাৱলীৰ নিশা টীয়কত জুৱাৰ আদ্দা উৎখাত আৰক্ষীৰ! জব্দ ১৫ খন মটৰ চাইকেলসহ বৃহৎ পৰিমাণৰ বিলাতী সুৰা… 2

ইপিনে আৰক্ষীৰ এই অভিযানৰ উমান পায়েই জুৱাস্থলীৰ পৰা পলায়ন কৰা জুৱাৰীয়ে অন্ধকাৰৰ সুযোগ লৈ আৰক্ষীলৈ শিলগুটি দলিওৱাত এগৰাকী আৰক্ষী জোৱান আহত হয়।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে এই জুৱা খেলৰ সৈতে জড়িত থকাৰ সন্দেহত দুজন লোকক আটক কৰিবলৈ সক্ষম হয়।