অৱশেষত প্ৰশাসনে ছীল কৰিলে বিতৰ্কিত মিঞা মিউজিয়াম…

অৱশেষত প্ৰশাসনে ছীল কৰিলে বিতৰ্কিত মিঞা মিউজিয়াম।

গোৱালপাৰা প্ৰশাসনে ছীল কৰিলে বিতৰ্কিত মিঞা মিউজিয়াম।

লক্ষীপুৰ ৰাজহ চক্ৰবিষয়া ৰাজীৱ গগৈয়ে ছীল কৰে মিউজিয়ামটো।

গোৱালপাৰাৰ লক্ষীপুৰত সোমাবাৰে উন্মোচন কৰা হৈছিল মিউজিয়ামটো।

image 194
অৱশেষত প্ৰশাসনে ছীল কৰিলে বিতৰ্কিত মিঞা মিউজিয়াম... 2

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰত স্থাপন কৰিছিল মিঞা মিউজিয়াম।

শিক্ষক এম মোহৰ আলীৰ নামত আছে ঘৰটো। মোহৰ আলী মিঞা পৰিষদৰ কেন্দ্ৰীয় সভাপতি।

এই সন্দৰ্ভত অসম মিঞা পৰিষদৰ বিৰুদ্ধে লক্ষীপুৰ থানাত গোচৰ তৰা হৈছে। বিজেপিৰ সংখ্যালঘু মৰ্চাৰ কাৰ্যকৰী সদস্যই তৰিছিল গোচৰ।

উল্লেখ্য যে, মিঞা মিউজিয়ামক লৈ ৰাজ্যত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়াৰ পাছতেই এই সিদ্ধান্ত।