বিয়পিছে ভুৱা খবৰ! কুশলে আছে মৰমৰ নিপন দা, পূৰ্বতকৈ উন্নত হৈছে স্বাস্থ্যৰ অৱস্থা…

যশস্বী অভিনেতা নিপন গোস্বামীৰ স্বাস্থ্যক লৈ বিয়পিছে ভুৱা খবৰ।

পূৰ্বতকৈ উন্নত হৈছে বিশিষ্ট অভিনেতাগৰাকীৰ স্বাস্থ্যৰ অৱস্থা।

শ্বাস-প্ৰশ্বাসত অসুবিধা পোৱাৰ বাবে সোমবাৰে হাস্পতালখনত ভৰ্তি কৰোৱা হৈছিল প্ৰবীণ অভিনেতাগৰাকীক।

অসুস্থা নিপন গোস্বামীৰ স্বাস্থ্যৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰেই তেওঁক ভৰ্তি কৰোৱা হৈছিল আই চি ইউত।

এদল বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত তেওঁৰ চলি আছে চিকিৎসা।

চিকিৎসালয়ৰ সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি, তেওঁ আজি কিছু পৰিমাণে আহাৰো গ্ৰহণ কৰিছে। প্ৰবীণ অভিনেতাগৰাকী আৰু দুই বা তিনি দিন আই চি ইউতে থাকিব লাগিব।

কিন্তু ইয়াৰ মাজতে মঙলবাৰে নিপন গোস্বামীৰ মৃত্যু হোৱা বুলি একাংশ সংবাদ মাধ্যমৰ সমান্তৰালকৈ ফেচবুকত এই ভুৱা খবৰ প্ৰচাৰ হয়।

image 195
বিয়পিছে ভুৱা খবৰ! কুশলে আছে মৰমৰ নিপন দা, পূৰ্বতকৈ উন্নত হৈছে স্বাস্থ্যৰ অৱস্থা... 2

আনহে নালাগে শাসনাধিস্ত বিজেপি দলেও তেওঁলোকৰ অফিচিয়েল ফেচবুক পেজৰ জৰিয়তে নিপন গোস্বামীৰ মৃত্যুৰ খবৰত মৰ্মাহত হৈ শোক প্ৰকাশ কৰি এক শ্ৰদ্ধাঞ্জলি জনালে।

চিকিৎসাধীন অৱস্থাত থকা স্বনামধন্য অভিনেতাগৰাকীৰ সম্পৰ্কে এইদৰে ভুৱা খবৰ বিয়পোৱা ঘটনাই স্বাভাৱিকতে সচতেন ৰাইজক আচৰিত কৰি তুলিছে।