অসম

পুনৰ এনকাউণ্টাৰ! এইবাৰ আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ ডকাইত বিমান বৰা…

ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা।

এইবাৰ ডিব্ৰুগড় জিলাৰ চাবুৱা আৰক্ষীৰ গুলীত আহত হ’ল দুৰ্ধৰ্ষ ডকাইত বিমান বৰা।

জানিব পৰা মতে, চাবুৱাৰ কাজিখোৱাৰ বাইপাছত পুৱতি নিশা এই ঘটনা সংঘটিত হয়।

ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা পিষ্টলসহ সজীৱ গুলী।

আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰা সময়তে আৰক্ষীৰ গুলীত আহত হয় বিমান বৰা।

আহত বিমান বৰাক বৰ্তমান ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।

জানিব পৰা মতে, বিমান বৰা প্ৰায় ৫০ ৰো অধিক ডকাইত তথা অপহৰণ কাণ্ডৰ লগত জড়িত আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *