APSCত সাফল্য ভিক্টৰ দাসৰ ছাত্ৰী উপাসনা বৰাৰ, তাৰ পিছতে ২০৩০ৰ ভিতৰত ১ লাখ চাকৰি দিয়াৰ লক্ষ্য ভিক্টৰ দাসৰ…

নিউজ ডেস্কঃ অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাত কেলেংকাৰীৰ অভিযোগ তুলি নিজেই আৰক্ষীৰ ৰোষত পৰা ভিক্টৰ দাসে এতিয়া পুনৰ এবাৰ লাভ কৰিছে চৰ্চা।

চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত ভিক্টৰ দাসৰ ইনষ্টিটিউটৰ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে সফলতা লাভ কৰাৰ পিছত এইবাৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাতো উজ্বলিল ভিক্টৰ দাসৰ ছাত্ৰী।

এপিএছচি পৰীক্ষাত অৱতীৰ্ণ হৈ এচিএছ হিচাপে নিৰ্বাচিত হোৱা উপাসনা বৰা হৈছে ভিক্টৰ দাসৰ ছাত্ৰী। তেওঁৰ এচিএছৰ ৪২ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

upasana 1
APSCত সাফল্য ভিক্টৰ দাসৰ ছাত্ৰী উপাসনা বৰাৰ, তাৰ পিছতে ২০৩০ৰ ভিতৰত ১ লাখ চাকৰি দিয়াৰ লক্ষ্য ভিক্টৰ দাসৰ… 5

উপাসনা বৰাৰ সফলতাৰ পিছতে এতিয়া আত্মবিশ্বাস দুগুণ বৃদ্ধি পাইছে ভিক্টৰ দাসৰ।

সংবাদ মাধ্যমৰ সৈতে কথা-বতৰাত তেওঁ আনন্দ ব্যক্ত কৰি ২০৩০ চনৰ ভিতৰত এক লাখ ছাত্ৰ-ছাত্ৰীক চাকৰি প্ৰদানৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিলে।

upasana 2
APSCত সাফল্য ভিক্টৰ দাসৰ ছাত্ৰী উপাসনা বৰাৰ, তাৰ পিছতে ২০৩০ৰ ভিতৰত ১ লাখ চাকৰি দিয়াৰ লক্ষ্য ভিক্টৰ দাসৰ… 6

ভিক্টৰে কয়, ‘মানুহ দুই প্ৰকাৰৰ থাকে- কিং আৰু কিং মেকাৰ। মই কিং মেকাৰ হ’ব বিচাৰো। সঠিক শিক্ষা প্ৰদান কৰি মই ২০৩০ চনৰ ভিতৰত ১ লাখ ছাত্ৰ-ছাত্ৰীক যিকোনো বিভাগত চাকৰি প্ৰদানৰ লক্ষ্য লৈছো।’

আনহাতে তেওঁৰ পৰা শিক্ষা লাভ কৰা ছাত্ৰ-ছাত্ৰীয়ে চাকৰি লাভ কৰাৰ পিছতো কোনোবাই যাঁচি দিলেও এটকাও নলয় বুলি দৃঢ় বিশ্বাসেৰে কয় ভিক্টৰ দাসে। ইয়াৰ বাবে তেওঁ উকা কাগজত লিখি দিবলৈও প্ৰস্তুত বুলি মন্তব্য কৰে।

photo1666449430
APSCত সাফল্য ভিক্টৰ দাসৰ ছাত্ৰী উপাসনা বৰাৰ, তাৰ পিছতে ২০৩০ৰ ভিতৰত ১ লাখ চাকৰি দিয়াৰ লক্ষ্য ভিক্টৰ দাসৰ… 7

এগৰাকী সাধাৰণ এলপি স্কুলৰ শিক্ষকৰ ওপৰত এতিয়া ছাত্ৰ-ছাত্ৰীয়ে বিশ্বাস কৰিব পাৰে বুলি নিজৰ বিশ্বাসযোগ্যতা প্ৰদৰ্শন কৰি ভিক্টৰ দাসে কয়, ‘পৰীক্ষাত সফলেই হওক বা বিফল। কিন্তু ভাল মানুহ হৈ সমাজৰ বাবে সম্পদ সৃষ্টি কৰাটো জৰুৰী।’

photo1666449340
APSCত সাফল্য ভিক্টৰ দাসৰ ছাত্ৰী উপাসনা বৰাৰ, তাৰ পিছতে ২০৩০ৰ ভিতৰত ১ লাখ চাকৰি দিয়াৰ লক্ষ্য ভিক্টৰ দাসৰ… 8

উল্লেখ্য যে, অসম চৰকাৰৰ ২৬ হাজাৰ নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল ভিক্টৰ দাসে।

ভিক্টৰৰ এই অভিযোগৰ পিছতে তথ্য প্ৰমাণ প্ৰদান কৰিব নোৱাৰৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। অৱশ্যে পিছত উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰে ভিক্টৰক।

সেই সময়ত এগৰাকী মন্ত্ৰীৰ লগতে আন একাংশই ভিক্টৰৰ ইনষ্টিটিউটৰ পৰা এজনো ছাত্ৰ-ছাত্ৰী সফল হ’ব নোৱাৰে বুলি দাবী কৰিছিল।

কিন্তু কিছুদিন পূৰ্বে ঘোষণা হোৱা চতুৰ্থ বৰ্গৰ পৰীক্ষাত এহাজাৰৰো অধিক ভিক্টৰ দাসৰ শিক্ষাৰ্থীয়ে সফলতা লাভ কৰে।

তাৰ পিছতে এপিএছচিতো সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় উপাসনা বৰাই।