দুঃখবৰ! বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ দেহাৱসান

নিউজ ডেস্কঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থাকি অৱশেষত দেহাৱসান ঘটিল বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ।

বুঢ়া সত্ৰীয়াগৰাকীৰ বিয়োগে শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ ৰাজ্যবাসীক।

photo1666439952
দুঃখবৰ! বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ দেহাৱসান 4

উল্লেখ্য যে, যোৱা ১১ অক্টোবৰৰ পৰা শাৰীৰিক অসুস্থতাৰ বাবে জিএমচিএইছত চিকিৎসাধীন হৈ আছিল বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা।

photo1666440273
দুঃখবৰ! বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ দেহাৱসান 5

১৯৩৮ চনৰ ১ এপ্ৰিলত বৰপেটাৰ সুন্দৰীদিয়া সত্ৰত জন্মগ্ৰহণ কৰা বশিষ্ঠ দেৱশৰ্মাই পালাৰপাম প্ৰাথমিক বিদ্যালয়ত শিক্ষকতাৰ জীৱন আৰম্ভ কৰি দক্ষিণহাটী প্ৰাথমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

১৯৬৫ত আকাশবাণী গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমৰ সাংস্কৃতিক জগতখনৰ সৈতে ওতোঃপ্ৰতঃভাৱে জড়িত হৈ পৰিছিল দেৱশৰ্মা।

photo1666440298
দুঃখবৰ! বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ দেহাৱসান 6

আকাশবাণীত তেওঁ নিবিৰ কীৰ্তন, হোলীগীত, নাও খেলৰ গীত, বৰগীত পৰিৱেশন কৰিছিল। সমান্তৰালভাৱে ভাওনাতো অভিনয় কৰিছিল বশিষ্ঠ দেৱশৰ্মাই।

উল্লখ্য যে, ড০ ভূপেন হাজৰিকাই পৰিচালনা কৰা এৰাবাটৰ সুৰ নামৰ ছবিখনতো ভোৰতাল নৃত্য পৰিৱেশন কৰিছিল বশিষ্ঠ দেৱশৰ্মাই।

১৯৯৩ চনত বৰপেটা সত্ৰত ডেকাসত্ৰীয়া হিচাপে যোগদান কৰি তেওঁ প্ৰায় ৩০০ খন শাখা সত্ৰক একগোট কৰি সত্ৰীয়া সংস্কৃতিৰ আঁত ধৰিছিল।

২০০৭ চনত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া হিচাপে নিৰ্বাচিত হোৱা বশিষ্ঠ দেৱশৰ্মাক ২০১৭ চনত অসম চৰকাৰে শংকৰদেৱ বঁটা প্ৰদান কৰি সন্মানিত কৰিছিল।

এইগৰাকী মহান ব্যক্তিৰ বিয়োগে মৰ্মাহত কৰিছে ৰাজ্যবাসীক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুঢ়াসত্ৰীয়াগৰাকীৰ প্ৰয়াণত গভীৰ শোক ব্যক্ত কৰিছে।