ভাল খবৰ! অসম লোকসেৱা আয়োগৰ পৰীক্ষাত একেলগে উজলিল হোজাইৰ দুই ভাতৃ-ভগ্নী…

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে শুক্ৰবাৰে ঘোষণা কৰা হয় অসম লোকসেৱা আয়োগৰ ২০২০ বৰ্ষৰ চূড়ান্ত ফলাফল।

APSCৰ ফলাফল ঘোষণাৰ পাছতে উত্তীৰ্ণৰ পৰিয়ালত দেখা গৈছে আনন্দৰ বন্যা।

শুক্ৰবাৰে ঘোষণা কৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষাত একেলগে উজলিল হোজাইৰ দুই ভাতৃ-ভগ্নী।

আৰ্ছাদ ৱাছিম আহমেদৰ শ্ৰম পৰিদৰ্শকৰ ১০ সংখ্যক স্থান লাভ কৰাৰ বিপৰীতে তেওঁৰ ভগ্নী আইৰিছ আৰমান আহমেদে অসম অসামৰিক সেৱাত ৬সংখ্যক স্থান লাভ কৰি হোজাই জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে।

হোজাই জিলাৰ মেৰাঝাৰৰ বাসিন্দা তথা সম্প্রতি গুৱাহাটীত থকা অভিযন্তা আলা উদ্দিন আহমেদ আৰু ৰুজামিন আহমেদৰ পুত্ৰ-কন্যা আৰ্ছাদ ৱাছিম আহমেদ আৰু আইৰিছ আৰমান আহমেদ।

আইৰিছে হোজাই ডনবস্ক’ৰ পৰা মেট্ৰিক, গুৱাহাটীৰ গুৰুকুল বিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ ছিকিম মণিপাল বিশ্ববিদ্যালয়ৰ পৰা ইঞ্জিনীয়াৰিঙত স্নাতক ডিগ্রী গ্রহণ কৰে। বিবাহিত আইৰিছৰ এটি পাঁচ বছৰীয়া কন্যা সন্তানো আছে।

photo 2022 10 22 11 00 08
ভাল খবৰ! অসম লোকসেৱা আয়োগৰ পৰীক্ষাত একেলগে উজলিল হোজাইৰ দুই ভাতৃ-ভগ্নী... 2

কর্মসূত্রে অভিযন্তা স্বামী ৰাজ্যৰ বাহিৰত থাকিলেও তেওঁৰ প্ৰেৰণাতে আই ৰিছে কলকাতাৰ এটা কোম্পানীৰ চাকৰি এৰি ৰাজ্যলৈ উভতি আহি লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাছিল।

এটা পৰিয়ালৰ দুগৰাকীকৈ সদস্যই সন্মানীয় অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা লাভ কৰাৰ এতিয়া উৎফুল্লিত হৈ পৰিছে হোজাইবাসী।