ঘোষণা হ’ল APSCৰ ২০২০ বৰ্ষৰ পৰীক্ষাৰ ফলাফল, শীৰ্ষস্থান লাভ কৰি কি ক’লে বিজিত পাঠকে…

নিউজ ডেস্কঃ এপি্এছচিত ভাষা বিষয়ক প্ৰশ্নকাকতক লৈ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত উচ্চ ন্যায়ালয়ে বাহাল ৰাখি ফলাফল প্ৰদানৰ অনুমতি দিয়াৰ পিছতে ঘোষণা কৰা হ’ল ২০২০ বৰ্ষৰ এপিএছচি পৰীক্ষাৰ ফলাফল।

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত শীৰ্ষস্থান লাভ কৰি উজ্বলি উঠিবলৈ সক্ষম হৈছে বাক্সা জিলাৰ নিকাছিৰ বিজিত পাঠক।

image 164
ঘোষণা হ’ল APSCৰ ২০২০ বৰ্ষৰ পৰীক্ষাৰ ফলাফল, শীৰ্ষস্থান লাভ কৰি কি ক’লে বিজিত পাঠকে… 3

আনহাতে বিজিত পাঠকৰ পিছতে দ্বিতীয় স্থান লাভ কৰিছে জুৰি কলিতা আৰু তৃতীয় স্থান লাভ কৰিছে জেবিন গুল্লাৰে।

সেইদৰে এপিএছ পদত শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে কৰৱী বণিয়াই। এপিএছৰ দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে ক্ৰমে নয়নমণি বৰা আৰু কৌশিক কলিতাই।

photo1666363138
ঘোষণা হ’ল APSCৰ ২০২০ বৰ্ষৰ পৰীক্ষাৰ ফলাফল, শীৰ্ষস্থান লাভ কৰি কি ক’লে বিজিত পাঠকে… 4

এপিএছচি পৰীক্ষাত শীৰ্ষস্থান দখল কৰা বিজিত পাঠকে ফলাফল লাভ কৰাৰ পিছতে পৰিয়াল আৰু শুভাকাংক্ষী সকলক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে গাঁওবাসী আৰু ৰাইজৰ হকে ভাল কাম কৰাৰো আগ্ৰহ ব্যক্ত কৰে।

এই ফলাফল তেওঁৰ বাবে অপ্ৰত্যাশিত বুলি মন্তব্য কৰে বিজিত পাঠকে।

উল্লেখ্য যে, ২০২০ বৰ্ষৰ এপিএছচি পৰীক্ষাত এচিএছ পদৰ বাবে বাছনি কৰা হৈছে মুঠ ১২১ গৰাকী প্ৰাৰ্থীক। সেইদৰে এপিএছৰ বাবে বাছনি কৰা হৈছে ৬৯ গৰাকী প্ৰাৰ্থীক।

কৰ অধীক্ষক পদৰ বাবে ৬গৰাকী প্ৰাৰ্থীক বাছনি কৰা হৈছে।

ডিটিঅ’ পদৰ বাবে ৫গৰাকী প্ৰাৰ্থীক বাছনি কৰা হৈছে।

একেদৰে শ্ৰম পৰিদৰ্শকৰ বাবে ১৮গৰাকীক, কৰ পৰিদৰ্শকৰ বাবে ২৭ গৰাকীক আৰু আবকাৰী পৰিদৰ্শক পদত ৭ গৰাকী প্ৰাৰ্থীক বাছনি কৰা হৈছে।

তদুপৰি বিডিঅ’ পদৰ বাবে ৩৩গৰাকীক, সহঃ নিয়োগ বিষয়া পদত ৪ গৰাকীক আৰু উপ-পঞ্জীয়ক পদৰ বাবে ৩১ গৰাকী প্ৰাৰ্থীক বাছনি কৰা হৈছে।