DTO সঞ্জীৱ হাজৰিকাৰ বাসগৃহত আৰক্ষীৰ অভিযান, পুৰণি ৫০০ টকীয়া নোটসহ ৭ লক্ষাধিক টকা জব্দ

ডিব্ৰুগড় ডিটিঅ’ সঞ্জীৱ হাজৰিকাৰ বাসগৃহত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

ডিটিঅ’ সঞ্জীৱ হাজৰিকাৰ ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ বাসগৃহত চলোৱা হয় এই তালাচী অভিযান।

image 160
DTO সঞ্জীৱ হাজৰিকাৰ বাসগৃহত আৰক্ষীৰ অভিযান, পুৰণি ৫০০ টকীয়া নোটসহ ৭ লক্ষাধিক টকা জব্দ 3

উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা কনিষ্ঠ সহায়ক দীতিমণি গগৈৰ স্বীকাৰোক্তিৰ ভিত্তিত চলিছে অভিযান।

অভিযানকালত এতিয়ালৈকে উদ্ধাৰ ৭,০৩,৮০০ টকা নগদ ধন।

তদুপৰি অভিযানত উদ্ধাৰ ৮৭ হাজাৰ টকাৰ অচল নোটো।

image 159
DTO সঞ্জীৱ হাজৰিকাৰ বাসগৃহত আৰক্ষীৰ অভিযান, পুৰণি ৫০০ টকীয়া নোটসহ ৭ লক্ষাধিক টকা জব্দ 4

এই তথ্য সদৰী কৰিছে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ডিব্ৰুগড় ডিটিঅ’ৰ কনিষ্ঠ সহায়ক দিতিমণি গগৈৰ বাসগৃহতো তালাচী চলাইছিল আৰক্ষীয়ে।

৭০০ টকা উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছিল দিতিমণি গগৈৰ লগতে দালাল পংকজ শইকীয়া।