ভাষা বিষয়ক পৰীক্ষা অবিহনে APSCক ফলাফল ঘোষণাৰ অনুমতি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ…

ভাষা বিষয়ক পৰীক্ষা অবিহনে ফলাফল ঘোষণাৰ বাবে APSCক অনুমতি।

ৰাজ্য চৰকাৰৰ ভাষা প্ৰত্যাহাৰৰ কেবিনেটৰ সিদ্ধান্তক বৈধতা প্ৰদান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।

এতিয়াৰে পৰা এ পি এছ চিত নাথাকিব অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত।

এ পি এছ চিত অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ৰায়দান।

উল্লেখ্য যে, চৰকাৰে ভাষা বিষয়ক পৰীক্ষা প্ৰত্যাহাৰ সন্দৰ্ভত লৈছিল সিদ্ধান্ত।

এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল একাংশই।

ন্যায়ালয়ত চলি থকা গোচৰৰ বাবে ঘোষণা হোৱা নাছিল ফলাফল।