নিউজ ডেস্ক। এক অতি কৰুণ ঘটনা। খেলি থকাৰ সময়তে শােকাৱহ মৃত্যু ঘটিল দুই সম্পৰ্কীয় ভাতৃ-ভগ্নীৰ।
এই ঘটনাৰ স্থান উত্তৰ বঙাইগাঁও আৰক্ষী চকীৰ অন্তৰ্গত হাপাছৰা।
জানিব পৰা মতে, দুই সম্পৰ্কীয় ভাই-ভনীয়ে খেলি থকা সময়তে ঘাইপথৰ দাঁতিত থকা গাঁতত পৰি কৰুণ মৃত্যুক সাৱটি লয় ৷
মৃত শিশু দুটি স্থানীয় মহিবুৰ ৰহমানৰ পুত্ৰ ৰেহান ৰহমান (৫) আৰু মামোন আলীৰ কন্যা মেহমীম নাজমিন (৭) বুলি জানিব পৰা গৈছে।
মহিবুৰ ৰহমান আৰু মামোন আলী দুই ভাই-ককাই ৷
দুয়ো শিশুৱে ঘৰৰ বাহিৰত খেলি থকাৰ সময়তে হঠাতে সন্ধানহীন হৈ পৰে।
পিছত পৰিয়ালৰ লোকে ঘৰৰ কাষতে নতুনকৈ খন্দা এটা গাঁতত এজনৰ মৃতদেহ ওপঙি থকা প্ৰত্যক্ষ কৰে ৷
লগে লগে স্থানীয় লোকে গাঁতত নামি বিচাৰ খোচাৰ কৰাত দুয়োৰে মৃতদেহ উদ্ধাৰ হয়।
এই শােকাৱহ ঘটনাই অঞ্চলজুৰি তীব্ৰ শোকৰ ছাঁ পেলাইছে ৷









