মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ নাগালেণ্ডৰ মন্ত্ৰী টেমজেন ইমনা আলং, কলে- হিমন্ত বিশ্ব শৰ্মা ছুপাৰ CM

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ নাগালেণ্ডৰ মন্ত্ৰী টেমজেন ইমনা আলং।

অসম-নাগালেণ্ডৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত লোৱা পদক্ষেপক লৈ হিমন্ত বিশ্বৰ শলাগ ল’লে টেমজন ইমনাই।

লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ছুপাৰ চিএম আখ্যা মন্ত্ৰী টেমজেন ইমনা আলঙৰ।

উল্লেখ্য যে, যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ গাতে লাগি থকা নাগালেণ্ডৰ মোককচাং জিলাৰ আলংটাকি সমষ্টিৰ আওনুক’ফু গাওঁ‌ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে দিবা নৈশ ফুটবল প্ৰতিযোগিতা।

ফুটবল খেলখনৰ উদ্বোধনী অনুস্থানত মূখ্য অতিথি হিচাপে উপস্থিত থাকে মৰিয়নি সমষ্টিৰ বিধায়ক ৰুপজ্যোতি কুৰ্মী।

প্ৰতিযোগিতাখন মুকলি কৰি নাগালেণ্ডৰ উচ্চ শিক্ষা আৰু জনজাতী উন্নয়ন মন্ত্ৰী টেমজেন ইমনা আলঙে কয়, অসম নাগালেণ্ডৰ জেষ্ঠ ভাতৃ সেয়ে জেষ্ঠ ভাতৃৰ লগত সংঘাত নহয় সৌহাৰ্য্যপূৰ্ণ সমন্ধ হলেহে সমস্যা সমাধান হ’ব।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ছুপাৰ চিএম আখ্যা দি মন্ত্ৰী গৰাকিয়ে কয়, দুয়োখন ৰাজ্যৰ মাজত থকা সীমা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত তেখেতে বলিষ্ঠ পদক্ষেপ লৈছে আৰু শীঘ্ৰেই ইয়াৰ স্থায়ী সমাধান হ’ব।