এইবাৰ ঘােচ লৈ গ্ৰেপ্তাৰ ডিটিঅ’ কাৰ্যালয়ৰ মহিলা কৰ্মচাৰী, মধ্যভােগী

নিউজ ডেস্ক। কােকৰাঝাৰৰ ডিটিঅ’ সােমেশ্বৰ ব্ৰহ্ম মুছাহাৰীৰ গ্ৰেপ্তাৰৰ ঘটনাই পৰিবহন বিভাগৰ ভিতৰচ’ৰাত তীব্ৰ খলকনিৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ ডিব্ৰুগড় জিলাৰ পৰিবহন বিষয়াৰ কাৰ্যালয়ত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

এগৰাকী গাড়ীৰ মালিকৰ পৰা পথ কৰ অফলাইনত পৰিশোধ কৰাত সহায় কৰাৰ বিনিময়ত উৎকােচ লৈ ভিজিলেন্সৰ হাতত ধৰা পৰিল এজন দালালসহ ডিটিঅ’ কাৰ্যালয়ৰ নিম্ন বৰ্গৰ সহায়ক।

G9 2
এইবাৰ ঘােচ লৈ গ্ৰেপ্তাৰ ডিটিঅ’ কাৰ্যালয়ৰ মহিলা কৰ্মচাৰী, মধ্যভােগী 3

ধৃত দালাজনৰ নাম পংকজ গগৈ আৰু নিম্ন বৰ্গৰ সহায়িকা গৰাকীৰ হৈছে দীতিমনি গগৈ।

এই কথা টুইট কৰি প্ৰকাশ কৰিছে ভিজিলেন্সৰ মুৰব্বী, অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জিপি সিঙে।

image 150
এইবাৰ ঘােচ লৈ গ্ৰেপ্তাৰ ডিটিঅ’ কাৰ্যালয়ৰ মহিলা কৰ্মচাৰী, মধ্যভােগী 4

সম্প্ৰতি ডিব্ৰুগড় জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ চৌহদতে ধৃত দুয়ােজনকে জেৰা চলাইছে ভিজিলেন্সৰ অভিযানকাৰী দলে।