ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নতুন সভাপতি ৰূপে নিৰ্বাচিত হ’ল মল্লিকাৰ্জুন খাৰ্গে…

কংগ্ৰেছে লাভ কৰিলে দলটোৰ নতুন সভাপতি।

ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নিৰ্বাচিত হ’ল নতুন সভাপতি।

AICCৰ নতুন সভাপতি মল্লিকাৰ্জুন খৰ্গে।

শশী থাৰুৰক পৰাস্ত কৰি জয়ী হ’ল মল্লিকাৰ্জুন খৰ্গে।

৭,৮৯৭ টা ভোট লাভ কৰিলে মল্লিকাৰ্জুন খৰ্গেয়ে।

শশী থাৰুৰে লাভ কৰিলে ১,০৭২ টা ভোট।

আজি পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে এই ভোটগণনা।

উল্লেখ্য যে ১৭ অক্টোবৰত অনুষ্ঠিত হোৱা সভাপতি নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ মুঠ ভোটাৰ আছিল ৯৯০০ গৰাকী।

ইয়াৰে ৪০০ গৰাকী ভোটদান কৰাৰ পৰা বিৰত থকাত ৯৫০০ গৰাকী ভোটাৰে ভোটদান সাব্যস্ত কৰিছিল।