শোকাৱহ! তীব্ৰবেগী বাছে মহটিয়ালে বাইক আৰোহীক, কৰুণ মৃত্যু কণমানি সন্তানৰ পিতৃ টিকেন্দ্ৰজিতৰ…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

তীব্ৰবেগী বাছে মহটিয়াই নিলে এগৰাকী বাইক আৰোহীক।

দুৰ্ঘটনাটোৰ ফলত কৰুণ মৃত্যুক আকোৱালি লয় টিকেন্দ্ৰজিৎ বৰুৱা নামৰ এজন যুৱকে।

শিঙিমাৰীত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

image 151
শোকাৱহ! তীব্ৰবেগী বাছে মহটিয়ালে বাইক আৰোহীক, কৰুণ মৃত্যু কণমানি সন্তানৰ পিতৃ টিকেন্দ্ৰজিতৰ... 4

জানিব পৰা মতে, ছিপাঝাৰৰ শিঙিমাৰীৰ টিকেন্দ্ৰজিৎ বৰুৱা (৩৪) নামৰ যুৱকজনে খান্দাজানত থকা নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা বিয়লি তিনিমান বজাত এ এছ-০১ এফ-১৮০৯ নম্বৰৰ ৰয়েল এনফিল্ডখনেৰে ঘৰলৈ গৈ থকা অৱস্থাত গুৱাহাটী অভিমুখী এ এছ-২৫ চি চি-৬১৫৭ নম্বৰৰ তীব্ৰবেগী বাছখনে পিচফালৰ পৰা মহটিয়াই নিয়ে।

ফলত গুৰুতৰভাৱে আহত যুৱকজনক সংকটজনক অৱস্থাত মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে কৰুণ মৃত্যুক আকোৱালি লয়।

image 152
শোকাৱহ! তীব্ৰবেগী বাছে মহটিয়ালে বাইক আৰোহীক, কৰুণ মৃত্যু কণমানি সন্তানৰ পিতৃ টিকেন্দ্ৰজিতৰ... 5

ইপিনে এই দুৰ্ঘটনাক লৈ ক্ষুব্ধ হৈ পৰা অঞ্চলটোৰ ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

ৰাষ্ট্ৰীয় ঘাইপথ ৩ ঘণ্টা অৱৰোধেৰে ৰাইজৰ প্ৰতিবাদ। যাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোত তীব্র যান-জঁটৰ সৃষ্টি হয়।

অৱশেষত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচালনা কৰি পথটো মুকলি কৰিবলগীয়া হয়।

শিঙিমাৰী নিবাসী গোবিন্দ বৰুৱা আৰু প্ৰয়াত অনুপমা বৰুৱাৰ কনিষ্ঠ পুত্র টিকেন্দ্ৰজিৎ বৰুৱাই অঞ্চলটোৰ বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ নেতৃত্ব বহন কৰি আহিছিল।

যুৱকজনৰ অকাল মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।

মৃত্যুৰ সময়ত যুৱকজনে পত্নীসহ এটি ছমহীয়া পুত্র, পিতৃ, জ্যেষ্ঠ ভাতৃ আৰু ভগ্নীক এৰি থৈ যায়।

লগতেে চাওকঃ

মহানগৰীৰ বিদ্যালয়ত অঘটন! প্ৰাৰ্থনা সভাৰ মাজতে ঢলি পৰিল তৃতীয় শ্ৰেণীৰ ছাত্ৰী, মৃত্যু

G01 3
শোকাৱহ! তীব্ৰবেগী বাছে মহটিয়ালে বাইক আৰোহীক, কৰুণ মৃত্যু কণমানি সন্তানৰ পিতৃ টিকেন্দ্ৰজিতৰ... 6