আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ বাংলাদেশৰ দুই নাবালক।
কৰিমগঞ্জত বি এছ এফে আটক কৰি চমজালে বি জি বিক।
সীমান্তৰ নিৰাপত্তাৰ দায়িত্বত থকা সীমান্ত নিৰাপত্তা বাহিনীয়ে (বি এছ এফ) বাংলাদেশৰ সীমান্ত নিৰাপত্তা বাহিনী ব’ৰ্ডাৰ গার্ড, বাংলাদেশক (বিজি বি)ক চমজাই দিয়ে দুই নাবালকক।
জানিব পৰামতে ঘটনাটো সংঘটিত হৈছে কৰিমগঞ্জ জিলাৰ সৈতে সংলগ্ন ভাৰত বাংলাদেশ সীমান্তৰ ফুলবাৰী এলেকাত।
বাংলাদেশৰ সীমান্ত অতিক্রম কৰা দুজন নাবালক ভাৰতত প্ৰৱেশ কৰাটো সেই সময়ত সীমান্তত পহৰাৰত বি এছ এফৰ জোৱানে ধৰা পেলায়। বি এছ এফৰ ১৩৪নং বেটেলিয়নৰ জোৱানে নাবালক দুজনক আটক কৰে।
বাহিনীটোৰ তৰফৰ পৰা জানিবলৈ দিয়ামতে নাবালক দুজনৰ ঘৰ বাংলাদেশৰ জুৰি উপজিলাত।
দুয়োখন দেশৰ মাজত থকা বন্ধুত্বপূর্ণ সম্পৰ্কৰ প্ৰতি লক্ষ্য ৰাখি বি এছ এফে বিষয়টো সন্দৰ্ভত তাৎক্ষণিকভাৱে বি জি বিৰ সৈতে যোগাযোগ কৰে।
সেইমতে দুয়োটা বাহিনীয়ে কৰা আলোচনাৰ পিচত বি এছ এফে নাবালক দুটিক বি জি বিৰ ৫২নং বেটেলিয়নৰ হাতত চমজাই দিয়ে।
অৱশ্যে নাবালক দুটি কেনেদৰে সীমান্ত অতিক্রম কৰি ভাৰতত প্ৰৱেশ কৰিলে সেয়া ৰহস্যৰ আৱৰ্তত।









