উপ-নিৰ্বাচনৰ ৩টা সমষ্টিৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা…

উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা।

৩টা সমষ্টিৰ বাবে কংগ্ৰেছে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম।

গোসাঁইগাঁৱত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে জয়েল টুডুক।

তামুলপুৰত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ভাস্কৰ দাহালক।

থাওৰাত টিকট লাভ কৰিছে মনোৰঞ্জন কোঁৱৰে।

DNnMtQz

ইফালে মঙলবাৰে বিয়লিলৈ ঘোষণা হ’ব ভৱানীপুৰ, মৰিয়নী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম।

উল্লেখ্য যে, ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ উপ-নিৰ্বাচন।

ইতিমধ্যে, আন আন ৰাজনৈতিক দলসমূহেও উপ নিৰ্বাচনৰ বাবে ঘোষণা কৰিছে প্ৰাৰ্থীৰ নাম।

থাওৰা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হ’ব সুশান্ত বৰগোহাঁই, মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মী আৰু ভবানীপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হ’ব ফণীধৰ তালুকদাৰ।

Leave a Comment