অৱশেষত আত্মসমৰ্পণ ২ বছৰ ধৰি পলাতক হৈ থকা আইপিএছ মণিলাল পাটিদাৰৰ, ব্যৱসায়ীৰ পৰা ধন দাবী কৰি প্ৰৰোচিত কৰিছিল আত্মহত্যাৰ বাবে

নিউজ ডেস্কঃ উৎকোচ দাবী কৰি আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত অভিযুক্ত আইপিএছ বিষয়া মণিলাল পাটিদাৰৰ অৱশেষত আত্মসমৰ্পণ।

বিগত দুটা বছৰ ধৰি পলাতক হৈ থকা উত্তৰ প্ৰদেশ কেডাৰৰ ২০১৪ চনৰ আইপিএছ বিষয়াগৰাকীয়ে অৱশেষত আত্মসমৰ্পণ কৰে লক্ষ্ণৌ দুৰ্নীতি বিৰোধী আদালত।

উল্লেখ্য যে, ২০২০ চনত মহোবাৰ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়তে মণিলাল পাটিদাৰে ইন্দ্ৰকান্ত ত্ৰিপাঠী নামৰ এগৰাকী ব্যৱসায়ীৰ পৰা উৎকোচ বিচৰাৰ লগতে আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰিছিল।

image 124
অৱশেষত আত্মসমৰ্পণ ২ বছৰ ধৰি পলাতক হৈ থকা আইপিএছ মণিলাল পাটিদাৰৰ, ব্যৱসায়ীৰ পৰা ধন দাবী কৰি প্ৰৰোচিত কৰিছিল আত্মহত্যাৰ বাবে 3

ইন্দ্ৰকান্ত ত্ৰিপাঠীয়ে ২০২০ চনৰ ৭ ছেপ্টেম্বৰত তদানীন্তন আৰক্ষী অধীক্ষক মনিলাল পাটিদাৰৰ বিৰুদ্ধে উৎকোচ দাবী কৰাৰ অভিযোগ উত্থাপন কৰি ছচিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰিছিল।

ইয়াৰ পিছতে পিছদিনা অৰ্থাৎ ৮ ছেপ্টেম্বৰৰ পুৱা ইন্দ্ৰকান্ত ত্ৰিপাঠীক তেওঁৰ গাড়ীত গুলীবিদ্ধ অৱস্থাত উদ্ধাৰ কৰা হয়।

আহত ব্যৱসায়ীজনক হাস্পতালত ভৰ্তি কৰা হয় যদিও ৫ দিন চিকিৎসাধীন হৈ থাকি ১৩ ছেপ্টেম্বৰত তেওঁৰ মৃত্যু ঘটে।

২০২০ চনৰ ১১ ছেপ্টেম্বৰত চৰকাৰৰ নিৰ্দেশমৰ্মে আই পি এছ মনিলাল পাটিদাৰ, কাব্ৰাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱেন্দ্ৰ শুক্লা, কনিষ্টবল অৰুণ যাদৱ আৰু দুজন ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে আই পি চিৰ ৩০২ ধাৰাত গোচৰ ৰুজু কৰে।

image 125
অৱশেষত আত্মসমৰ্পণ ২ বছৰ ধৰি পলাতক হৈ থকা আইপিএছ মণিলাল পাটিদাৰৰ, ব্যৱসায়ীৰ পৰা ধন দাবী কৰি প্ৰৰোচিত কৰিছিল আত্মহত্যাৰ বাবে 4

বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত পৰৱৰ্তী সময়ত উত্তৰ প্ৰদেশ চৰকাৰে ঘটনাৰ তদন্তৰ বাবে এছআইটিও গঠন কৰে।

ইয়াৰ পিছতে মণিলাল পাটিদাৰৰ বিৰুদ্ধে আই পি চিৰ ৩০৬ ধাৰা অৰ্থাৎ আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰা গোচৰো ৰুজু কৰা হয়।

কিন্তু গোচৰ ৰুজু হোৱাৰ পিছতে পলাতক হৈ থকা আইপিএছ বিষয়াগৰাকীৰ খবৰ দিওতালৈ প্ৰথমে ২৫ হাজাৰ, তাৰ পিছত ৫০ হাজাৰ আৰু তাৰ পিছত এক লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হয়।