নিউজ ডেস্ক। ৰাজ্যজুৰি অপৰাধী চক্ৰৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ তীব্ৰ অভিযান।
এইবাৰ আৰক্ষীৰ জালত পৰিল কুখ্যাত অপৰাধী বাবুল লাহন তথা সহযােগী প্ৰভাত গগৈ।
জানিব পৰা মতে, যোৰহাট জিলাৰ লাহদৈগড় আৰু টীয়ক আৰক্ষীৰ যুটীয়া অভিযানত চেনিজানস্থিত ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে কুখ্যাত অপৰাধী বাবুল লাহনক।

ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে জব্দ কৰে 7.65 এম এম বিদেশত নিৰ্মিত এটা পিষ্টল।
উল্লেখযোগ্য যে ডকাইতি, হত্যাৰ দৰে বহু অপৰাধজনিত ঘটনাৰে জড়িতৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বাবুল লাহন আৰু সহযোগী প্ৰভাত গগৈক।
আৰক্ষীয়ে এই সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।









