অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক অভিজিৎ কৰ্মকাৰক আটক, প্ৰবঞ্চনাৰ অভিযোগ…

অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক অভিজিৎ কৰ্মকাৰক আটক।

ভুৱা লটাৰীৰ টিকট বিক্ৰী কৰাৰ অভিযোগত আটক তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীক।

শালবাৰী আৰক্ষীয়ে আটক কৰিছে অভিজিৎ কৰ্মকাৰক।

অভিযোগ অনুসৰি ভুৱা লটাৰীৰ টিকট বিক্ৰী কৰি ধন সংগ্ৰহ কৰিছিল অভিজিৎ কৰ্মকাৰসহ এটা প্ৰবঞ্চক চক্ৰই।

শালবাৰী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আটক TMCৰ নেতাগৰাকীক।

ইতিমধ্যে ঘটনা সন্দৰ্ভত ৬টাকৈ প্ৰবঞ্চকক আটক কৰিছে শালবাৰী আৰক্ষীয়ে।