দল চলোৱাৰ বাবে পুঁজিৰ অভাৱ কংগ্ৰেছ দলৰ।
পুঁজিৰ অভাৱ দূৰ কৰিবলৈকে এতিয়া কংগ্ৰেছে ৰাজীৱ ভৱনক ব্যৱসায়ীক ভৱনলৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
কংগ্ৰেছে গুৱাহাটীস্থিত ৰাজ্যিক কাৰ্যালয় ৰাজীৱ ভৱন ভাড়ালৈ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।
কেৱল ৰাজীৱ ভৱনেই নহয়, মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সটো এটা মাল্টি স্তোৰ বিল্ডিং নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে।
যাৰ জৰিয়তে দল চলোৱাৰ বাবে প্ৰয়োজনীয় পুঁজিৰ অভাৱ দূৰ কৰিব পাৰিব বুলি ধাৰণা কৰা হৈছে।
নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ভাৰত বৰ্ষৰ বিভিন্ন স্থানত থকা ৰাজীৱ ভৱন তথা কংগ্ৰেছৰ সম্পত্তি নতুনকৈ নিৰ্মাণৰ চিন্তা চৰ্চা কৰিছে।
ৰাজীৱ ভৱনক বাণিজ্যিক ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ বাবে গঠিত হোৱা সমিতিৰ সভাপতিৰ দায়িত্বত থাকিব বিৰোধী দলপতি দেৱব্ৰত শইকীয়া।
সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন স্থানত থকা কংগ্ৰেছৰ সম্পত্তি আটকধুনীয়াকৈ নতুনকৈ নিৰ্মাণ হ’ব বুলি জানিবলৈ দিয়ে শইকীয়াই।









