নিউজ ডেস্কঃ বিজেপিত থাকি সকলো বিষয়তে মাত মাতিব নোৱাৰি। -এই মন্তব্য দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ।
চৰকাৰৰ বিভিন্ন বিষয়ত মাত মাতি সৰৱ ভূমিকা পালন কৰি অহা বিধায়ক অতুল বৰাই এইবাৰ ক’লে বিধায়কৰ ষ্টেণ্ডাৰ্ড মেইনটেইন কৰাৰ কথা।
চিটি বাছৰ ভাড়া বৃদ্ধি প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অতুল বৰাই কয়, ‘সকলো বিষয়তে বিজেপিত থাকি মাত মাতিব নোৱাৰি। বিজেপিৰ বিধায়ক হৈ সকলো কথাৰ বিৰোধিতা কৰাটো দেখাটো বেয়া, শুনাটো বেয়া আৰু লগতে মোৰ সমৰ্থক সকলেও বেয়া পাব।’
আনহাতে আজি ষ্টেণ্ডাৰ্ড ডে’ৰ দিনা বিজেপি বিধায়কৰূপে ষ্টেণ্ডাৰ্ড মেই্ন্টেইন কৰিব লাগিব বুলিও মন্তব্য কৰি বিধায়ক অতুল বৰাই।
তেওঁ লগতে কয়, ‘মই নাথাকিলে কেবিনেট ৫ মিনিটতে শেষ হৈ যায়। কাৰণ বিৰোধিতা কোনেও নকৰে।’
অন্যহাতে কোনো চৰকাৰেই সম্পূৰ্ণ পাৰফেক্ট হ’ব নোৱাৰে। চৰকাৰৰ ব্যৰ্থতা অলপ অচৰপ থাকিবই বুলিও মন্তব্য কৰে শাসকীয় দলৰ বিধায়ক অতুল বৰাই।









